অসম সাহিত্য সভাৰ ব্যাপক (Asam Sahitya Sabha) প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি প্ৰতিজন অসমীয়াৰ অন্তৰ্ভুক্তিৰে অসম সাহিত্য সভাই বিশ্বৰ প্ৰতিটো প্ৰান্তত শাখা গঠনৰ মহান পদক্ষেপ গ্ৰহণ কৰিছে৷ সুদক্ষ সংগঠকৰ দ্বাৰাহে সংগঠন শক্তিশালী হয়; সেয়েহে, আহক আমি সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসম সাহিত্য সভাৰ সন্মানীয় সভ্য পদ গ্ৰহণ কৰো৷ আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত এখন বিশেষ ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথে এনেদৰে কয়৷ ভাষণ প্ৰসঙ্গত তেখেতে কয় যে ১০৮ বছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভা সম্প্ৰতি বিশ্বৰ বৃহৎ সাহিত্যানুষ্ঠানলৈ পৰ্যবসিত হ’বলৈ আৰম্ভ কৰিছে৷
সেয়েহে শাখা গঠনৰ জৰিয়তে আমাৰ বুকুৰ আপোন সংগঠনটোক অধিক শক্তিশালী কৰাত হাত উজান দিও৷ শোণিতপুৰৰ কলাকুছি – বাঁহবেৰাৰ বৃহত্তৰ এলেকাত অসম সাহিত্য সভাৰ এখন শক্তিশালী শাখা সমিতি গঠনাৰ্থে আজি কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মঃ আব্বাছ আলিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰবীণ কটকীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দীঘলীয়া বক্তব্য প্ৰদান কৰে৷ সভাৰ প্ৰচাৰ আহ্বায়কগৰাকীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে প্ৰতিটো জাতি জনগোষ্ঠীৰ পৱিত্ৰ মিলনভূমি স্বৰূপ অসম সাহিত্য সভাই অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ লগতে অসমৰ প্ৰতি সৰু বৰ জাতি জনগোষ্ঠীৰ স্বকীয় সাহিত্য সমূহ দাঙি ধৰাৰ ক্ষেত্ৰতো বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে৷
সেয়েহে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়েই অসম সাহিত্য সভাৰ এই বৰ্ণিল যাত্ৰাৰ অংশীদাৰিত্ব গ্ৰহণ কৰা উচিত৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰবীণ কটকীয়ে ভাষণত কয় যে জ্যোতি বিষ্ণুৰ ভূমি শোণিতপুৰত অৰ্ধশতাধিক শাখা গঠনেৰে জিলা সভাই অসম সাহিত্য সভাক সাংগঠনিকভাৱে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তাৰে পৰিপ্ৰেক্ষিতত আজি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথৰ তৎপৰতাত শোণিতপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত হোৱাকৈ আজি ইয়াত এখন শাখা সভা গঠনৰ প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ পাই নিজকে ধন্য মানিছো৷
শোণিতপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভোলা ৰাম ৰাউতীয়া, মিছামাৰী শাখা সাহিত্য সভাৰ উপসভাপতি ডা° মাইনুল হক, অসম সাহিত্য সভাৰ আজীৱন সভ্য নুৰুল হক, নাজিৰ আহমেদ , অধিবক্তা প্ৰিয়ৰঞ্জন ঘোষ, মৌলানা মঃ জালাল উদ্দিন তাৰিক আনচাৰী, মুক্তাৰ হুচেইন আলি আকবৰ, কাজি ৰফিক উদ্দিন প্ৰমুখ্যে গণ্যমান্য ব্যক্তি উপস্থিত থকা সভাখনত প্ৰধান শিক্ষক আব্বছ আলিক সভাপতি, আৰু নুৰুল হকক সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতিৰে বাঁহবেৰা কলাকুছি শাখা সাহিত্য সভা নামেৰে নতুন শাখাটি গঠন কৰা হয়৷ চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভণি হোৱা সভাখন জাতীয় সঙ্গীত পৰিৱেশনেৰে সভাখন সফল সামৰণি পৰে৷।

