ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব সুৰৰ সম্ৰাজ্ঞী Asha Bhosleৰ শেষকৃত্য

দেশজুৰি শোকৰ ছাঁ পেলাই আজি পঞ্চভূতত বিলীন হ’ব সুৰৰ সম্ৰাজ্ঞী Asha Bhosleৰ নশ্বৰদেহ। বিয়লি ৪ বজাত Shivaji Parkত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব কিংবদন্তি শিল্পীগৰাকীৰ শেষকৃত্য।

দেওবাৰে দিনৰ প্ৰায় ১২:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। দশক দশক ধৰি ভাৰতীয় সংগীত জগতখন সমৃদ্ধ কৰি ৰখা এই মহান শিল্পীগৰাকীৰ মৃত্যুতে দেশজুৰি গভীৰ শোকৰ সৃষ্টি হৈছে।

প্ৰিয় শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ইতিমধ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত হৈছে তেওঁৰ ল’ৱাৰ পেৰেলস্থিত বাসগৃহত। সংগীত জগতৰ দিকপাল A. R. Rahman, গীতিকাৰ Prasoon Joshi, বিশিষ্ট লেখক Javed Akhtar, অভিনেত্ৰী Shabana Azmi, অভিনেতা Jackie Shroff, গায়ক Vishal Dadlani, সংগীতশিল্পী Salim Merchantৰ লগতে বহুতো চলচ্চিত্ৰ তাৰকা আৰু সংগীত শিল্পীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে।

ইয়াৰ উপৰিও দেওবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী Devendra Fadnavisয়ে শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ শ্ৰদ্ধাঞ্জলি জনায়। এতিয়াও অসংখ্য অনুৰাগীয়ে নিজৰ প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ বাসগৃহত ভিৰ কৰি আছে।

ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে Asha Bhosleৰ মৃত্যুতে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ সংগীতজীৱনে ভাৰতীয় সংগীত জগতত এক অমলিন ছাপ এৰি গৈছে, যি যুগ যুগ ধৰি সংগীতপ্ৰেমীসকলৰ হৃদয়ত জীয়াই থাকিব।

Related Articles