অশোক গেহলটৰ অ’এছডিৰ মন্তব্যঃ শচীন পাইলটৰ ওপৰত ৰখা হৈছিল চোকা নজৰ! ফোনো কৰা হৈছিল টেপ
ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ অ’এছডিৰ মন্তব্যই ৰাজ্য খনত তোলপাৰ লগাইছে। ৰাজস্থানত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি) লোকেশ শৰ্মাই কৰা কেতবোৰ বিশেষ মন্তব্যই কংগ্ৰেছৰ ভিতৰচ’ৰাত পুনৰ হাহাকাৰ লগাইছে। ৰাজস্থানত গেহলট-পাইলটৰ মাজত চলি থকা শীতল যুঁজ খনৰ কথা সৰ্বজন জ্ঞাত। ইয়াৰ মাজতে লোকেশ শৰ্মাই কৈছে যে শচীন পাইলটৰ ওপৰত চোকা নজৰ ৰখা হৈছিল।

তেওঁ ক’লৈ গৈছে, কাৰ সৈতে কথা পাতিছে আদি সকলো কথাৰ ওপৰত চকু ৰখা হৈছিল।আনকি পাইলটৰ ফোনো টেপ কৰা হৈছিল বুলি শৰ্মাই কয়। এনে বিস্ফোৰক মন্তব্যৰ মাজতে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি শচীন পাইলটে কয়, “মই সদায় কংগ্ৰেছ কৰ্মী হৈ আহিছো। মোক যি দায়িত্ব দিয়া হওঁক, মই সেয়া প্ৰকাৰে সততাৰে সম্পাদন কৰিম।

’’ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা শচীন পাইলটে জয়পুৰ আৰু নতুন দিল্লীত দলটোৰ পৰাজয় সন্দৰ্ভত গভীৰ আলোচনাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰী অশোক গেহলটৰ অ’এছডিৰ মন্তব্য সন্দৰ্ভত শচীন পাইলটে কয়, “মই বিশ্বাস কৰোঁ যে প্ৰথমে এই পৰাজয়ৰ কথা বিশ্লেষণ কৰাটো প্ৰয়োজনীয়।” অশোক গেহলটৰ অ’এছডি লোকেশ শৰ্মাৰ বিবৃতি সন্দৰ্ভত তেওঁ কয়, “মই মুখ্যমন্ত্ৰীৰ অ’এছডিৰ বিবৃতিও দেখিছো, দলটোৱে এই বিষয়েও চিন্তা-চৰ্চা কৰাটো প্ৰয়োজনীয়।”
পাইলটে এইবাৰ টংক বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিজয়ী হৈছে। কংগ্ৰেছ শাসনত থকাৰ সময়ত পাইলট আৰু গেহলটৰ মাজত মুখ্যমন্ত্ৰীৰ চকী খনকলৈ বিবাদ হৈছিল।