Ashok Singhal: মন্ত্ৰী অশোক সিংহলৰ ঘোষণাঃ যদি মোৰ এক ইঞ্চিও মাটি ট্ৰাইবেল বেল্টত আছে মই সন্যাস ল’ম

অসমৰ ৰাজনীতিত (Ashok Singhal) নতুনকৈ সৃষ্ট হৈছে এক তীব্ৰ বিতৰ্ক৷ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ জনজাতীয় বেŒI×ৰ কেইবা বিঘা মাটি মন্ত্ৰী অশোক সিংহলে বেদখল কৰিছে বুলি অভিযোগ উঠাৰ লগে লগে সামাজিক মাধ্যমত বিতৰ্ক অব্যাহত আছে৷ বিগত কেইদিন ধৰি এই অভিযোগক কেন্দ্ৰ কৰি চলি আছে ব্যাপক আলোচনা আৰু সমালোচনা৷ বিষয়টোৰ আঁত ধৰিয়েই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিৰোধী দল কংগ্ৰেছ মন্ত্ৰী সিংহলৰ বিৰুদ্ধে আক্ৰমণাত্মক ভূমিকা লৈছে৷ বিষয়টোৱে অধিক গতি পায় যেতিয়া অসম বিধানসভাৰ বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই চৰকাৰক প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰে, ‘‘ট্ৰাইবেল বেল্টৰ সুৰক্ষিত মাটিত এটা মন্ত্ৰীৰ নাম কেনেকৈ জড়িত হ’ব পাৰে?’

শইকীয়াৰ এই মন্তব্যই যেন আগতকৈ অধিক বিতৰ্কৰ সৃষ্টিৰে মন্ত্ৰী সিংহলক প্ৰতি উত্তৰ দিবলৈ বাধ্য কৰে৷ বুধবাৰে ঢেকীয়াজুলিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশ লৈ মন্ত্ৰী অশোক সিংহলে দেৱব্ৰত শইকীয়াক একেবাৰে প্ৰত্যাহ৩ান জনায়৷ মন্ত্ৰীয়ে দৃঢ় কণ্ঠত কয়, ‘দেৱব্ৰত শইকীয়াই যদি প্ৰমাণ দিব পাৰে যে মোৰ বা মোৰ পৰিয়ালৰ নামত সোণাপুৰৰ জনজাতীয় বেŒI×ত এক ইঞ্চিও মাটি আছে, তেন্তে মই কেৱল ৰাজনীতি নহয়, সামাজিক জীৱনো ত্যাগ কৰি হিমালয়ত সন্যাস ল’মগৈ৷ কিন্তু যদিহে এই অভিযোগ প্ৰমাণ কৰিব নোৱাৰে, তেন্তে তেওঁক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব৷’ মন্ত্ৰী সিংহলে এই ক্ষেত্ৰত সময়ও বান্ধি দি কয় – ‘‘এক ঘণ্টা সময় দিছো, প্ৰমাণ থাকিলে আগবঢ়াওক৷’ মন্ত্ৰী সিংহলে লগতে কংগ্ৰেছক লক্ষ্য কৰি কয়, ‘দুৰ্নীতি কৰিবলৈ আমি ৰাজনীতিলৈ অহা নাই৷ ভগৱানে মোক যথেষ্ট দিছে৷ মই কেতিয়াও চৰকাৰী ঠিকা লোৱা নাই, কোনো চৰকাৰী ৰাজ সাহায্য গ্ৰহণ কৰা নাই৷ নিজৰ কষ্টৰে জীৱন গঢ়িছো৷ কংগ্ৰেছৰ চৰিত্ৰ আমাৰ নহয়৷ আমি ৰাইজৰ সেৱাৰ বাবে ৰাজনীতিত আহিছো৷’ মন্ত্ৰীৰ এই কঠোৰ প্ৰতিক্ৰিয়াই সভাস্থলত উপস্থিত লোকসকলৰ মাজত উত্তেজনা সৃষ্টি কৰে৷

বহুতে হাততালিৰে মন্ত্ৰীৰ বক্তব্য সমৰ্থন কৰে৷ আনহাতে কংগ্ৰেছ শিবিৰে মন্ত্ৰীৰ এই বক্তব্যক ‘‘ৰাজনৈতিক নাটক’ বুলি অভিহিত কৰিছে৷ তেওঁলোকৰ অভিযোগ, ‘জনপ্ৰিয়তা উদ্ধাৰৰ উদ্দেশ্যত মন্ত্ৰীয়ে নাটকীয় শৈলীত প্ৰতিক্ৰিয়া দেখুৱাইছে৷’ ইপিনে, এতিয়ালৈকে দেৱব্ৰত শইকীয়াই মন্ত্ৰীৰ প্ৰত্যাহ৩ানৰ প্ৰত্যুত্তৰ দিয়া নাই, যদিও কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ইতিমধ্যে মন্তব্য কৰিছে যে ‘অভিযোগৰ প্ৰমাণ দলৰ হাতত আছে, সময়ত সকলো প্ৰকাশ কৰা হ’ব৷’

Related Articles