Breaking

শিৱসাগৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ প্ৰদৰ্শন…

0 1,026

অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুতহাৰত মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি শিৱসাগৰ  জিলাৰ মুক্তি নাথ চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছুৰ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰখনৰ ব্যৰ্থতাৰ বাবেই পেট্ৰল’জাত সামগ্ৰী, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য দ্ৰুত হাৰত বৃদ্ধি পোৱা বুলি উল্লেখ কৰি অসমৰ সাধাৰণ জনতাৰ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা বুলিও উল্লেখ কৰে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনে।

লগতে তেওঁ চৰকাৰ খনৰ মন্ত্ৰী-বিধায়কৰ বণিক গোষ্ঠীক নাকী লগাবৰ নোৱাৰাৰ বাবেই খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰে জনসাধাৰণক কোঙা কৰি পেলোৱা বুলি দোষাৰোপ কৰে।অন্যহাতে চৰকাৰ খনৰ মন্ত্ৰী-বিধায়কৰ বিভিন্ন অচিলাৰে ব্যাপক হাৰত কমিছন আদায় কৰাৰ বাবেই অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক ৰূপত মূল্য বৃদ্ধি হোৱা বুলি অভিযোগ তুলিছে সংগঠনৰ নেতৃবৃন্দই। শিৱসাগৰ জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এই প্ৰতিবাদত অৰ্ধশতাধিক সদস্যই প্ৰতিবাদত অংশগ্ৰহণ কৰি পৰিবেশ উত্তাল কৰি তোলে।

Leave A Reply