Breaking

একত্ৰিত হ’ব আছুৰ প্ৰাক্তন সতীৰ্থ সকল

0 2,018

একত্ৰিত হোৱাৰ প্ৰস্তুুতি চলিছে প্ৰাক্তন আছু-সতীৰ্থৰ। অসমৰ সৰ্বাঙ্গীন উন্নতি আৰু প্ৰাক্তন আছু কৰ্মী সকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে ওলাই আহিছে প্ৰাক্তন আছুৰ সতীৰ্থসকল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী আৰু বিষয়ববীয়াসকল একত্ৰিত হৈ মানৱীয় প্ৰমূল্যবোধেৰে  অসম আৰু অসমীয়াৰ জাতীয় আৰু আৰ্থ-সামাজিক সমস্যা সমাধানৰ উপায় উলিওৱালৈ চিন্তা-চৰ্চা কৰিছে প্ৰাক্তন আছুৰ কৰ্মীসকলে। ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থসকলক লৈ ৰৌতাৰ সমৃদ্ধিগেষ্ট হাউচত ১৬ নৱেম্বৰত অনুষ্ঠিত হয় অবিভক্ত দৰং জিলাৰ প্ৰাক্তন “আছু” সতীৰ্থসকলৰ আন্তৰংগ আলাপ।পূৰ্বৰ দৰং জিলা বৰ্তমানৰ শোণিতপুৰ, ওদালগুৰি,দৰং আৰু বিশ্বনাথ জিলীৰ প্ৰাক্তন আছু নেতা সকল একত্ৰিত হৈ অনুষ্ঠিত কৰে এই অন্তৰংগ আলাপ। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন আছু কৰ্মীসকলে অসমৰ অৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। সিঁচৰিত হৈ থকা প্ৰাক্তন আছু কৰ্মী সকলক একত্ৰিত কৰি প্ৰত্যককে মানৱীয় সম্পৰ্কৰে গঢ়ি তোলাৰ মানসেৰে এখন মঞ্চ তৈয়াৰ কৰিব প্ৰাক্তন আছু নেতা-কৰ্মী সকলে। এইদৰে আজিৰ চিন্তন আলোচনাত গঠনমূলক আলোকপাত কৰে উপস্থিত প্ৰাক্তন আছুৰ একাধিকজনে | অচিৰেই কেন্দ্ৰীয় ভাৱে প্ৰাক্তন আছু কৰ্মী সকলৰ সমাৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় । অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ আছুৰ প্ৰাক্তন সতীৰ্থসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে অনুষ্ঠিত হ’ব প্ৰাক্তন আছু কৰ্মীৰ কেন্দ্ৰীয় সমাবৰ্তন। সদনত এই সিদ্ধান্ত সৰ্বজনৰ ঐক্যমতত গ্ৰগণ কৰে প্ৰাক্তন আছু নেতা-কৰ্মীসকলে । ৰৌতাত অনুষ্ঠিত হোৱা এই প্ৰাক্তন আছু সতীৰ্থৰ অন্তৰংগ আলাপ আনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীন বড়ো, প্ৰাক্তন আছু নেতা কমলেশ ডেকা, প্ৰাক্তন আছু নেতা নিৰঞ্জন নাথ, প্ৰাক্তন আছু নেতা ফণী পাঠকৰ লগতে অভিবক্ত দৰং জিলাৰ প্ৰাক্তন আছুৰ নেতা-কৰ্মী সকল।

Leave A Reply