সদ্য ঘোষিত আই এছ চি ৰ চুড়ান্ত পৰীক্ষাত উচ্চতৰ মাধ্যমিকত ৯৯.৭৫ শতাংশৰে সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান দখল কৰি বৰগাং চাহ বাগিচাৰ অস্মিতা কাকতিয়ে অসমৰ নাম উজ্জ্বলাই তোলা এক সু-খৱৰে অঞ্চলটিত আনন্দৰ লহৰ বোৱা পৰিলক্ষিত হৈছে। অস্মিতা কাকতিয়ে বালিপাৰাৰ আসাম ভেলী স্কুলৰ পৰা ক’লা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অস্মিতাই ইংৰাজীত ৯৯,বুৰঞ্জীত ১০০,ৰাজনৈতিক বিজ্ঞানত ৯৮,সমাজ বিদ্যাত ১০০,মনঃতাত্বিকত ১০০ ( বেষ্ট অফ ফ’ৰ বাচনি কৰা হয় ) নম্বৰ লাভ কৰি এই খিতাপ লাভ কৰে। অস্মিতাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জানিব দিয়ে যে,অতি মনযোগেৰে পঢ়ি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ভাল ফলাফল এটি লাভ কৰিব বুলি আশা আছিল যদিও সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ কৰিব বুলি ভবা নাছিল। আজি এই স্থান লাভ কৰি পিতৃ-মাতৃ- ককাৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা সঁচাকে বহুত সুখী বুলি নিজৰ অনুভৱ প্ৰকাশ কৰে। বৰগাং চাহ বাগিচাৰ মুখ্য পৰিচলক জ্যোতিৰ্ময় কাকতি আৰু মাতৃ নৱনীতা কাকতিয়ে নিজৰ নিজৰ সুকীয়া সুকীয়া অভিব্যক্তি প্ৰকাশ কৰি জীয়ৰীৰ এই বিৰল কৃতিত্বত সঁচাকে অভিভূত আৰু অস্মিতা আৰু আগলৈ আগবাঢ়ি যোৱাত অসমবাসীয়ে যাতে আশীৰ্বাদ দিয়ে তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। অস্মিতা কাকতিৰ ককাক প্ৰাক্তন উপায়ুক্ত নগাওঁ শংকৰ মিছন পথৰ চন্দ্ৰ মোহন কাকতিয়ো নাতিনীয়েকৰ সাফল্যত অতন্ত্য সুখী বুলি উৎফুল্লিত হৈ পৰে। ছাত্ৰী গৰাকীৰ এই সাফল্যত প্ৰাক্তন মন্ত্রী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তইয়ো গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু ভৱিষ্যতেও এনেদৰে বিৰল কৃতিত্বৰে অসমৰ নাম উজ্জ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰি শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰে। অস্মিতা পঢ়া শুনাৰ লগতে খেলা ধূলা , কবিতা আবৃতি আৰু সাংস্কৃতিক জগত খনতো সুন্দৰ দখল আছে।কবিতা আবৃতি কৰাৰ উপৰি ইংৰাজী গীতৰ লগতে অসমীয়া গীত গাই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা অস্মিতাই অষ্ট্রেলিয়াত সুধাকণ্ঠৰ “দোলা হে দোলা একা বেকা বাটেৰে কঢ়িয়াও কঢ়িয়াও বৰ বৰ মানুহৰ দোলা’ শীৰ্ষক গীতটি পৰিৱেশন কৰি পুৰস্কৃত হোৱাৰ উপৰি প্ৰচুৰ খ্যাতি লাভ কৰে। অস্মিতাই পৰবৰ্তী সময়ত দিল্লী ইউনিভাৰ্চিটিত অধ্যয়ন কৰিব বুলি জানিব দিয়ে। অস্মিতাৰ প্ৰতি ‘দৈনন্দিন বাৰ্তা’ কাকতৰ লগতে স্থানীয় দল সংগঠন তথা বিশ্বনাথ জিলা আটছা তৰফৰ পৰাও অভিনন্দন আৰু শুভেচ্ছা জনায়।

