
অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা হিচাপে সুপৰিচিত মাজুলী জিলাৰ অন্তৰ্গত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই পহিলা ব’হাগৰ দিনটোত অসম সাহিত্য সভাৰ আহ্বান মৰ্মে(Asom Sahitya Sabha) “নিজৰ দিন”ৰ কাৰ্যসূচী সম্পূৰ্ণ সফলতাৰে উদযাপন কৰে। সেই অনুসৰি অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি তথা সমাজ জীৱনলৈ অৰিহণা আগবঢ়াই অহা উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ বৃহত্তৰ এলেকাৰ পাঁচ গৰাকী বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।
কালি অসম সাহিত্য সভাৰ মাজুলী জিলাৰ প্ৰতিনিধি মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা সাহিত্য সভাৰ ধনভৰালী প্ৰণৱজিত মিশ্ৰ, প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্যা অনুপ্ৰভা দেৱী, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি দাসীৰাম পামেগাম, উপসভাপতি কেশৱ বৰুৱা, সম্পাদক কৃষ্ণাৰাণী শইকীয়া বৰুৱা, সহকাৰী সম্পাদক বিজয় শইকীয়াৰ নেতৃত্বত জাতীয় সাজ পৰিধান কৰা এটি প্ৰতিনিধি দলে সোণাপৰা গাওঁৰ অৱসৰপ্ৰাপ্ত শিক্ষক কমলা ৰেগন, নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ-সত্ৰীয়া সংস্কতিৰ সাধক নগেন শইকীয়া বৰগায়ন, দৰিয়া গাওঁৰ ধৰ্মপ্ৰাণা মহিলা তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমা বৰুৱা দাস, বিষ্ণুপুৰ গাঁওৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দধিৰাম বৰুৱা আৰু জালুকবাৰী গাওঁৰ অৱসৰপ্ৰাপ্ত শিক্ষক যুগল হাজৰিকাক অসম সাহিত্য সভাই প্ৰেৰণ কৰা ওলগনি পত্ৰৰ লগতে গ্ৰন্থৰ টোপোলা, থলুৱা শিপিনীয়ে বোৱা ফুলাম গামোচা আৰু থুৰীয়া তামোলেৰে ‘নিজৰ দিন’ৰ সম্বৰ্ধনা জ্ঞাপন কৰে।সম্বৰ্ধনা অনুষ্ঠানত চমু বক্তব্য প্ৰদান কৰি সম্বৰ্ধিত পাঁচোগৰাকী ব্যক্তিয়ে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ এনে পদক্ষেপে তেওঁলোকক উৎসাহিত কৰিছে বুলি উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।