Asom Sahitya Sabha: অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ

যোৰহাট জিলা(Asom Sahitya Sabha)পুথিভঁৰাল প্রাংগণত মঙলবাৰে প্ৰথম দিনা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত অসমৰ বিভিন্ন স্থানৰ পৰা আহি অংশগ্রহণ কৰে কেন্দ্রীয় কার্যনির্বাহকসকলকে ধৰি অন্যান্য অতিথিসকলৰ অংশগ্ৰহণত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদ। সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়ামতে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ পবিত্ৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কার্যসূচীত যোৰহাট, চৰাইদেউ, শিৱসাগৰ, মাজুলী আৰু গোলাঘাটৰ প্রায় ১০০ গৰাকী বয়োজ্যেষ্ঠ নির্বাচিত ব্যক্তিয়ে পতাকা উত্তোলন কৰে। মূল সভাৰ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। পতাকা উত্তোলন কৰি তেওঁ কয় যে অতীতৰ ঐতিহ্যক ৰোমন্থন কৰিলে হনুমন্তিয় শক্তি লাভ কৰিব পাৰি।

চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদত উত্তোলিত হোৱা এই পতাকা উত্তোলন কার্যসূচীত স্থানীয় স্বেচ্ছাসেৱী সংগঠন হেঁপাহৰ ১০০ গৰাকী সদস্যাৰ দ্বাৰা পৰিৱেশিত হয় অসম সংগীত। সাহিত্যাচার্য মিত্ৰদেৱ মহন্ত ৰচিত সভাৰ আৰম্ভণি গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী…’ যোৰহাট জিলা সাহিত্য সভাৰ ১০০ গৰাকী সদস্য-সদস্যা শিল্পীৰ দ্বাৰা পৰিৱেশন কৰাৰ লগতে বিশ্বনাথ জিলাৰ ধ্ৰুৱজ্যোতি ৰাজখোৱাই ৰচনা কৰা ‘চন্দ্ৰকান্ত’ নামৰ শীৰ্ষক গীতটোও ১০০ গৰাকী মহিলাই পৰিবেশন কৰে। ঐতিহাসিক চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত পতাকা উত্তোলন কৰে ক্রমে- মণিৰাম লাহন, পূৰ্ণীমা শৰ্মা, অবনীকুমাৰ চেতিয়া, জয়শ্রী শইকীয়া, কবিতা তাছা, গোপাল মহন্ত, মানিক মহন্ত, দীপ্তি বুঢ়াগোহাঞি, লক্ষিমী দলৈ, নীৰদা গগৈ বৰা, ভানু বৰা হাজৰিকা, কৃষ্ণ বাহাদুৰ ছেত্ৰী, নৱমল্লিকা বৰা, ৰমানন্দন বৰা, ড° কুলেন দাস, ড° অঞ্জনকৃষ্ণ শৰ্মা, ৰূপা নেওগ হাজৰিকা, নৰেন চন্দ্ৰ বৰা, ড° দিপালী খাৰঘৰীয়া, বিদ্যুৎ ভূষণ বৰা, যুগল কিশোৰ আগৰৱালা, পূণ্য দেৱী, ডাঃ ৰূপাঞ্জলি ফুকন, অষ্টমী দত্ত, বৰ্ণালী শইকীয়া বৰা, লখিমী খাৰঘৰীয়া, বাবুলাল গগৰ, পাৰভিজ হুছেইন, বন্তি মহন্ত, মনোৰঞ্জন ভঁড়ালী, মৃণালিনী গোস্বামী, ৰঞ্জিৎ ভূঞা, জোনা দত্ত, জিনামণি গগৈ নেওগ, ড° অঞ্জন শইকীয়া, গোপাল গোস্বামী, ড° বিপিন খঙীয়া, নিহাৰিকা শইকীয়া, ড° লক্ষীকান্ত হাজৰিকা, হেমচন্দ্ৰ শইকীয়া, প্রতাপচন্দ্ৰ বৰুৱা, ডাঃ চন্দ্ৰ বৰা, ডাঃ বলীন খাৰঘৰীয়া, ডাঃ ভক্তিময় ভট্টাচার্য, মীৰা বৰুৱা, ডাঃ কৃপাল কুমাৰ শৰ্মা, নিপুল চন্দ্ৰ বৰা, ভৱেন পূজাৰী, মহেন্দ্র বৰঠাকুৰ, ডাঃ গোলাপ ডেকা, বিজয় বৰঠাকুৰ, সৰ্বেশ্বৰ বৰা, পবিত্ৰপ্ৰাণ ভট্টাচার্য, মাণিক গগৈ, অমিতাভ বৰুৱা, অৰুণা খাটনিয়াৰ, ইলা মহন বুঢ়াগোহাঁই, ব্রজেন দাস, বিজয়কৃষ্ণ দত্ত, জীৱন কলিতা, মৃণাংক শইকীয়া, দেবযানী মহন্ত, বন্তি বৰা, তফজ্জুল হক বৰবৰা, সুৰেন্দ্ৰ মোহন হাজৰিকা, পবিত্ৰ বৰবৰা, মুহিৰাম লইং, পুৰঞ্জয় গোস্বামী, গুণেন বৰা, দন্দি বৰা, ড০ যতীন নাথ, নৰেন শইকীয়া, মুকুট বৰগোহাঁই, বীৰেণ চেতিয়া, সুনন্দ বৰগোহাঁই, ভাস্কৰ ভাজনী, বলোৰাম খনিকৰ, পাপৰি গগৈ বুঢ়াগোঁহাই, বীণা চেতিয়া, হেমন্ত গগৈ, প্রফুল্ল কুমাৰ বৰুৱা, খগেন হাজৰিকা, প্ৰণৱজিৎ মিশ্র, সঞ্জীৱ বৰা, ৰামসাগৰ নাথ, প্রভাত বৰা বুঢ়াভকত, অনুপ্ৰভা দেৱী, সুভদ্রা বৰা শইকীয়া, ক্ষীৰোদ দাস, মুকুল হাজৰিকা, শ্যামলিমা বৰা, মাধৱ মহন্ত, নৱকুমাৰ বৰা, ড° সীমান্ত বৰুৱা, জেউতি বৰা ভূঞা, নীলিমা শৰ্মা,পৰাণ বৰুৱা, ৰমেন শইকীয়া, হেমেন শইকীয়া, আৰু মানিকচন্দ্ৰ বৰাই ।ইফালে পুৱা স্মৃতি তর্পণ কাৰ্যসূচীত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ হাজৰিকা আৰু প্ৰাক্তন সভাপতি নলিনীবালা হাজৰিকাই মুখ্য তর্পক হিচাপে অংশগ্রহণ কৰে।

উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্যসকলৰ লগতে বিভিন্ন আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকসকল, সাংগঠনিক সম্পাদকসকল, জিলা প্রতিনিধিসকল, বিভিন্ন উপসমিতিৰ কাৰ্যকৰী সভাপতি আৰু আহ্বায়কসকলে অংশগ্রহণ কৰে। পুৱা ১০ বজাত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ লগত বড়ো সাহিত্য সভা সভাপতি ড° সুৰথ নাৰ্জাৰী, দেউৰী সাহিত্য সভাৰ সভাপতি ড° ষড়ানন দেউৰী, কাৰবি সাহিত্য সভাৰ সভাপতি কামসিং হান্সে, নেপালী সাহিত্য সভা, অসমৰ সভাপতি ড° চিন্তামণি শর্মা, তিৱা সাহিত্য সভাৰ সভাপতি হৰসিং খলাৰ, তিৱা সাহিত্য সভাৰ সভাপতি মাথানলাই তথ্রা, শৰণীয়া কছাৰী সাহিত্য সভা, অসমৰ সভাপতি সোণবৰ বৰুৱা, সোণোৱাল কছাৰী সাহিত্য সভা, অসমৰ সভাপতি মোহন সোণোৱাল, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিল্স লক্ষীন্দ্র সিং, মটক সাহিত্য সভা, অসমৰ সভাপতি তৰুণ কুমাৰ গগৈ, মৰাণ সাহিত্য সভা, অসমৰ সভাপতি ৰবীন মৰাণৰ লগতে কেইবাহাজাৰোধিক সাহিত্যপ্ৰেমীৰ অংশগ্ৰহণত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাই সকলোকে মোহিত কৰে। ইয়াৰ পিছতে দুপৰীয়া ১২-৩০ বজাৰ পৰা অসম সাহিত্য সভাৰ আজীৱন, হিতৈষী আৰু পৰম হিতৈষী সভ্যৰ সম্মিলন সভাপতি বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হয়।সভাৰ স্থায়ী সভ্যসকলে অংশগ্ৰহণ কৰা সভাখনৰ আঁত ধৰে ক্ৰমে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক জ্যোতিৰেখা হাজৰিকা, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম হাজৰিকা আৰু প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা প্ৰসংগত কয়- অসম সাহিত্য সভা এক বৃহৎ জাতীয় বৃহৎ শক্তি, আজি এয়াই প্ৰতিফলিত হৈছে। বহুসংখ্যক আজীৱন সভ্য, হিতৈষী সভ্য, পৰম হিতৈষী সভ্যই বক্তব্য প্ৰদান কৰা সভাখনত ক্ৰমে বড়ো সাহিত্য সভা সভাপতি ড° সুৰথ নাৰ্জাৰী, দেউৰী সাহিত্য সভাৰ সভাপতি ড° ষড়ানন দেউৰী, কাৰবি সাহিত্য সভাৰ সভাপতি কামসিং হান্সে, নেপালী সাহিত্য সভা, অসমৰ সভাপতি ড° চিন্তামণি শর্মা, তিৱা সাহিত্য সভাৰ সভাপতি হৰসিং খলাৰ, তিৱা সাহিত্য সভাৰ সভাপতি মাথানলাই তথ্রা, শৰণীয়া কছাৰী সাহিত্য সভা, অসমৰ সভাপতি সোণবৰ বৰুৱা, সোণোৱাল কছাৰী সাহিত্য সভা, অসমৰ সভাপতি মোহন সোণোৱাল, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিল্স লক্ষীন্দ্র সিং, মটক সাহিত্য সভা, অসমৰ সভাপতি তৰুণ কুমাৰ গগৈ, মৰাণ সাহিত্য সভা, অসমৰ সভাপতি ৰবীন মৰাণ প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

বক্তব্য প্ৰদান কৰি তেওঁলোকে একেমুখে কয় যে অসম সাহিত্য সভাই বৰ ককাইদেউৰ ভূমিকাৰে আমাৰ সকলো সৰুভাইক লগত লৈ বৰ অসম গঢ়াৰ উদ্যোগ লৈছে; এয়া অতি প্ৰয়োজনীয় আৰু প্ৰাসংগিক। ভাষণ প্ৰসংগত তেওঁলোকে লগতে কয় যে অসম সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যসূচীয়ে অসমীয়া জাতিক উৎসাহিত কৰিছে। ইয়াৰ পিছতে সন্ধিয়া ৪ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক সমাৰোহত গীত-নৃত্যৰ মধুৰ মূৰ্চনাই অনন্য মাত্ৰা প্ৰদান কৰে।।

Related Articles