সাত সাগৰ তেৰ নদীৰ সিপাৰে মস্কোত (Asom Sahitya Sabha) ভাষা-সাহিত্যৰ সেৱক দুই তেজপুৰীয়া শিক্ষাবিদৰ উপস্থিতিত অসম সাহিত্য সভাৰ বিশেষ অনুষ্ঠান সম্পন্ন। উল্লেখ্য যে, অসম সাহিত্য সভাৰ আন্ত:ৰাজ্যিক বিদেশ মৈত্ৰী বন্ধন উপসমিতিৰ আৰু দ্য কুৱেষ্টৰ উদ্যোগত “ব্ৰহ্মপুত্ৰৰ পৰা মস্কোভালৈ কলা আৰু ধাৰণাৰ সংগম, অসম মস্কো সমন্বয় সেঁতু ,ইণ্ডোনেছিয়ান সাংস্কৃতিক সন্ধিয়া “শীৰ্ষক এক মননশীল কাৰ্যসূচী অলপতে মস্কোস্থিত দ্য ধাৱা, লেলিনস্কাই প্ৰচপে- “১৪৬ -৩ অনুষ্ঠিত হৈ যায় ।অনুষ্ঠানটিত অসম সাহিত্য সভাৰ আন্ত:ৰাজ্যিক বিদেশ মৈত্ৰী বন্ধন উপসমিতিৰ আহ্বায়ক তথা ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰি এনেধৰনৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই যথেষ্ট উৎসাহ প্ৰদান কৰিছে।
মৈত্ৰী বন্ধনৰ কাৰ্যকৰী সভাপতি তথা তেজপুৰৰ বিহগুৰি নিবাসী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ যোগেন কলিতা, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ ভূপেন শইকীয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰাৰ কালত ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত গোস্বামীয়ে বিশেষ বাৰ্তা প্ৰেৰণ কৰে। ড০ বলেন্দ্ৰ কুমাৰ দাসেও মননশীল ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত অসমৰ বিহুৱা দলৰ বিহুনাচ আৰু বিহুনামেৰে জীপাল হৈ উঠে।