Asom Sahitya Sabha: ৯ মাৰ্চত যোৰহাটত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক অধিৱেশন

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ ন-পুৰণি যুটীয়া বৈঠক আৰু প্ৰথম কাৰ্যনিৰ্বাহক অধিৱেশন অহা ৯ মাৰ্চ ২০২৫ তাৰিখ(Asom Sahitya Sabha) দেওবাৰে দিনৰ ১০ বজাৰ পৰা যোৰহাটত অনুষ্ঠিত হ’ব। দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই অধিবেশনত অসম সাহিত্য সভাৰ ন-পুৰণি সদস্যসকলে অংশগ্ৰহণ কৰিব। দেওবাৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ কাৰ্যালয়লৈ আহি অধিৱেশন আয়োজনৰ স্থান পৰিদৰ্শন কৰে বুলি জানিবলৈ পোৱা গৈছে।

অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে অসম সাহিত্য সভাৰ নৱমনোনিত ধনভৰালী মণিৰাম লাহন, সচিব অশোক সেনাপতি, কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ সম্পাদক জ্যোতিৰেখা হাজৰিকা, সাহিত্য সংগঠক শংকুসিদ্ধ নাথ, বিদ্যুৎ ভূষণ বৰা, যোৰহাট সাহিত্য সভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকা প্ৰমুখ্যে কৰ্মকৰ্তাসকলৰ লগত বাৰ্তালাপ কৰি উক্ত অধিৱেশনখন সফল কৰিবলৈ সকলোকে আহ্বান জনায়। ইফালে অসম সাহিত্য সভাৰ আংশিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলে পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতিখন গঠনৰ ব্যাপক কুচ-কাৱাজ চলাইছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ৫ ফেব্ৰুৱাৰীত বজালী আৱৰ্ত ভৱনত অনুষ্ঠিত প্ৰাৰম্ভিক বৈঠকে ৩৩ শতাংশ মহিলাৰ আসন সংৰক্ষণ কৰা, বিতৰ্কিত ব্যক্তিসকলক কাৰ্যনিৰ্বাহকত অন্তৰ্ভুক্ত নকৰা, বিত্তীয় শৃংখলা ৰক্ষা কৰি হিচাৱ দাখিল নকৰা সংগঠকসকলক কাৰ্যনিৰ্বাহকত অন্তৰ্ভুক্ত নকৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিততে এতিয়া পূৰ্বতে সাহিত্য সভাৰ অধিৱেশনকে ধৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰা সংগঠকসকলে হিচাৱ‌ দিৱলৈ থৌকি-বাথৌ লগাইছে বুলি জানিব পৰা গৈছে। সভাৰ এক ভিতৰুৱা সূত্ৰই জনোৱা মতে পূৰ্বতে সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত জড়িত হৈ বহু অনুষ্ঠান আয়োজনত লাখ লাখ টকা সংগ্ৰহ কৰি উদৰস্থ কৰা একাংশই কাৰ্যনিৰ্বাহকত সোমাবলৈ উঠি-পৰি লাগিছে। সভাৰ একাংশ সচেতন ব্যক্তিয়ে জানিবলৈ দিয়া মতে ড০ বসন্ত কুমাৰ গোস্বামী, পদুম ৰাজখোৱা আৰু দেৱজিৎ বৰাৰ নেতৃত্বত এখন সুস্থ-সৱল কাৰ্যনিৰ্বাহক সমিতি গঠন হ’ব বুলি আশা কৰা হৈছিল যদিও সেই আশা নিৰ্বাপিত হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Related Articles