“কবি হওঁ বুলিয়েই কোনো (Asom sahitya Sabha) কবি হ’ব নোৱাৰে। আজি যোৰহাট জিলা সাহিত্য সভা, গোলাঘাট জিলা সাহিত্য সভা, শিৱসাগৰ জিলা সাহিত্য সভা আৰু মাজুলী জিলা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভায় কেন্দ্ৰীয় আকাশ অনুষ্ঠানৰ ‘প্রতিভা বিকাশ যাত্রা’ত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে এইদৰে কয়। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সভাপতিত্ব কৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসম সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথকতা প্ৰসংগত কয় যে সাহিত্য সভাক ভালপোৱা মানুহক দায়িত্ব দিব লাগে, তেতিয়াহে দায়িত্বপ্ৰাপ্তসকলে নিজৰ দায় দায়িত্ব উপলব্ধি কৰিব পাৰে। দায়িত্ব গ্ৰহণ কৰি দায়িত্ব পালন নকৰাসকলৰ বাবেই অনুষ্ঠান ক্ষতিসাধিত হয়। অসম সাহিত্য সভাৰ আকাশ উপসমিতিত বহু দক্ষ সংগঠক আছে, যিসকলে নিজৰ দায়িত্ব সুকলমে পালন কৰিছে।“ ৰাজ্যৰ শতাধিক নিৰ্বাচিত মহিলা শিল্পী-সাহিত্যিকৰ অংশগ্ৰহণত চিৰ চেনেহী ‘মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে বিশিষ্ট লেখক ড° অদিতি বেজবৰুৱাই । আকাশ উপসমিতিৰ আহ্বায়ক মানসী শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত শ্যামলীমা বৰাই সম্পাদনা কৰা স্মৃতিগ্ৰন্থ ‘ৰাজমাও’ উন্মোচন কৰে ৰামায়ণী সাহিত্যৰ বিশিষ্ট গৱেষক ড° মালিনীয়ে।

অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, কাৰ্যনিৰ্বাহক সদস্য মিণ্টু দাস, গোলাঘাট, মাজুলী, শিৱসাগৰ আৰু যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি, সম্পাদক, বিষয়ববীয়াসকলে অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত আঠখনকৈ গ্ৰন্থ ক্ৰমে লখিমী দলৈৰ ‘অনুভৱৰ ৰংবোৰ’, ৰূমা বেজবৰুৱাৰ ‘হৃদয় এখন নীলা সাগৰ’, দীপিকা সভাপণ্ডিতৰ ‘মহাকাশ, বিশ্বব্ৰহ্মাণ্ড আৰু অন্যান্য’, জয়শ্ৰী শইকীয়াৰ ‘স্মৃতি দিৱস’, জুলি বৰুৱাৰ ‘হে বৰেণ্য’, দ্বিপ্তী বুঢ়াগোহাঁই বৰুৱাৰ ‘ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এপৃষ্ঠা’, শ্যামলীমা বৰাৰ ‘এধানীৰ বিয়া’, জিনামণি গগৈ নেওঁগৰ ‘মোৰ এসাগৰ ভাৱনা’ উন্মোচনৰ লগতে ছয়জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।
সভাত যোৰহাট জিলা সাহিত্য সভাৰ শিল্পীসকলে নলিনীৱালা হাজৰিকাই ৰচনা কৰা ‘আকাশ’ৰ শীৰ্ষগীত পৰিৱেশনে অনন্য মাত্ৰা প্ৰদান কৰে। জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটা সভাখনত শলাগৰ শৰাই আগবঢ়াই যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই। ইফালে পুৱাৰ কাৰ্যসূচী অনুসৰি ৯ বজাত পতাকা উত্তোলন কৰে ক্রমে- যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্রনাথ হাজৰিকা আৰু আদৰণী সমিতিৰ সভাপতি কবিতা তাছাই। বন্তি প্রজ্বলন কৰে অসম সাহিত্য সভাৰ আকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি বিনু লস্কৰ ঠাকুৰীয়াই আৰু স্মৃতি তৰ্পণ কৰে যোৰহাট জিলা সাহিত্য সভাৰ উপসভাপতি মাধৱ মহন্তই।

