পশ্চিম অসমৰেই নহয় বৃহৎ অসমীয়া সমাজৰ নেত্ৰী(Asom Sahitya Sabha) গীতালি বৰুৱাক জীয়াই ৰখাৰ স্বাৰ্থই গুৰুত্ব পোৱা উচিত। সাহিত্য সমাজ আৰু শিক্ষাৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি থকা গীতালি বৰুৱা সমাজৰ বাবে অত্যন্ত প্ৰয়োজনীয় ব্যক্তি। তেওঁৰ আদৰ্শ আৰু তেওঁৰ কৰ্মৰাজি সমাজৰ সকলো স্তৰলৈ বিস্তৃত হ’ব লাগে বুলি শ্ৰদ্ধাঞ্জলি ভাষণত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উল্লেখ কৰে।
ভাষণ প্ৰসংগত তেওঁ লগতে কয় অসম সাহিত্য সভাৰ লগত গীতালি বৰুৱাৰ সম্পৰ্ক অভিন্ন, এই সম্পৰ্ক সভাৰ বহু সংখ্যক কৰ্মকৰ্তাৰ লগত ব্যাপ্ত হৈ আছে; সেয়ে তেওঁৰ আকস্মিক বিয়োগত মৰ্মাহত হৈ পৰা সাহিত্যকৰ্মীসকল, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, যোৰহাট, মাজুলী, নগাঁও আদি বিভিন্ন জিলাৰ পৰা আহি এই সভাত উপস্থিত হৈছেহি। এইটোৱেই হৈছে সভাৰ একত্ব ৰূপ, বিগত সময়চোৱাত সাহিত্য সভাত গীতালি বৰুৱাই এই ৰূপটোৱেই পৰিগ্ৰহ কৰিছিল। অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে কয় গীতালি বৰুৱা আমাৰ সমাজৰ বাবে আদৰ্শস্থানীয় মহিলা, এই গৰাকী মহিলাই সুন্দৰ সমাজ নিৰ্মাণৰ ক্ষেত্ৰত সফলতা দাবী কৰিব পাৰে; গীতালি বৰুৱাই জীৱন যাত্ৰা সামৰি কৰা এই মহাপ্ৰস্থানে অসম সাহিত্য সভাৰ বহু ক্ষতি কৰিলে।
অন্যহাতে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱায়ো সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি ভাষণ আগবঢ়ায়। আজি ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গীতালি বৰুৱাৰ বিলাসীপাৰাস্থিত নিজা বাসভৱন থাপনাত পৱিত্ৰ আদ্য শ্ৰাদ্ধ উপলক্ষে অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ দাস,স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি জয়চন্দ্ৰ নাথ, সম্পাদক শিৱপ্ৰসাদ ৰাভা হাদু, প্ৰাক্তন সভাপতি বাণীকান্ত ৰাভা, প্ৰাক্তন জিলা সম্পাদক জিতুমণি দাস, জিলা কাৰ্যনিৰ্বাহক সদস্য ডাঃ ফাৰুক আখতাৰ, আব্দুল হাই আহমেদ, কোকৰাঝাৰ জিলা সাহিত্য সভাৰ সভাপতি শ্বৰীফ হুছেইন, সম্পাদক শৰৎ ডেকা, চিৰাঙ জিলা সাহিত্য উপসভাপতি অতুল চন্দ্ৰ ৰায়, জিলা প্ৰতিনিধি সুভাষ মজুমদাৰ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হেৰম্ব কলিতা, ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বিনয় কুমাৰ নাথ, হেৰম্ব কলিতা, কোকৰাঝাৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰশান্ত দেৱ শৰ্মা, সাহিত্য সংগঠক মোচলেমুদ্দিন আহমেদ, তিলক প্ৰসাদ প্ৰমুখ্যে ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শাখা সাহিত্য সভাসমূহৰ বহু সংখ্যক বিষয়ববীয়া বিষয়ববীয়া, দল-সংগঠন-ব্যক্তি বিশেষ উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
সভাখনত সদ্যপ্ৰয়াত সাহিত্যিকগৰাকীৰ স্মৃতিত ‘গীতালি বৰুৱা সোঁৱৰণী স্মৃতি ন্যাস’ গঠনৰ আলোচনাও অনুষ্ঠিত হয়।।