Breaking

জিলা আৰু শাখা সাহিত্য সভাক ‘নিজৰ দিন’ পালন কৰিবলৈ অসম সাহিত্য সভাৰ আহ্বান…

0 152

অসম সাহিত্য সভাই প্ৰতিবছৰে পহিলা ব’হাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি আহিছে। এইবাৰো সভাই ১ ব’হাগ, ১৪৩০ ভাস্কৰাব্দ (১৫ এপ্রিল, ২০২৩ খ্ৰীষ্টাব্দ) তাৰিখে সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট কেন্দ্রীয় কার্যালয়, ভগৱতীপ্রসাদ বৰুৱা ভৱন, গুৱাহাটী


প্ৰশাসনীয় কাৰ্যালয়ৰ লগতে প্ৰতিটো আঞ্চলিক কার্যালয়তে নিজৰ দিন হিচাপে পালন কৰিবলৈ
প্রধান সম্পাদক ড° উপেন্দ্রজিৎ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে। সেয়েহে অসমৰ
প্রতিখন জিলা সভা আৰু শাখা সভাকো নিজ নিজ অঞ্চলত পহিলা ব’হাগৰ দিনটো নিজৰ দিন
হিচাপে পালনৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। ‘

নিজৰ দিন’ৰ কৰ্মসূচী অনুসৰী প্ৰতিখন জিলা সভা আৰু শাখা সভাই তেওঁলোকৰ অঞ্চলৰ বিশিষ্ট শিল্পী-সাহিত্যিক-কৃষক- শিপিনী, লোকশিল্পী তথা সমাজৰ অশীতিপৰ, বয়োজ্যেষ্ঠ লোকৰ গৃহলৈ গৈ তেওঁলোকক থলুৱা শিপিনীয়ে হাতে বোৱা একোখনকৈ বিহুৱান আৰু সভাৰ ওলগনি পত্ৰ প্ৰদান কৰি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ‘নিজৰ দিন’ৰ কৰ্মসূচীৰ প্ৰতিবেদন শাখাসমূহে জিলা সভাৰ জৰিয়তে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply