Breaking

অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশন, কেন্দ্ৰীয় কুঁহি অনুষ্ঠান সম্পন্ন…

0 41

ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহি অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনত সমৱেত হোৱা শতাধিক শিশুৱে গীত -মাত- কবিতা আবৃত্তি আৰু ৰং তুলিকাৰে গ্ৰন্থমেলাৰ বাকৰিত। বৃহস্পতিবাৰে এক বৰ্ণময় পৰিৱেশৰ সূচনা কৰে ৷ শ্বহীদ সূৰ্য বৰা সোঁৱৰণী মঞ্চত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা শিক্ষাবিদ নুৰুদ্দিন আহমেদ সোঁৱৰণী কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ উদ্ধোধন কৰি বিশিষ্ট শিল্পী সাহিত্যিক তৰুণ আজাদ ডেকাই কয় যে প্ৰতিটো শিশুৱেই একো একোটা কুঁহিপাত ৷ অসম সাহিত্য সভাৰ মঞ্চৰ পৰাই শিশুৰ হাতত গ্ৰন্থ তুলি দিয়াৰ অধ্যয়ন সুলভ চিন্তাৰ আৰম্ভ হৈছে । অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশন স্থলীৰ গ্ৰন্থমেলাৰ বাকৰিত শিশু সকলৰ বৰ্ণাঢ্য অনুষ্ঠান কুঁহি অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই শুভাৰম্ভ কৰা এই অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়ায় আদৰণী সমিতিৰ তৰফৰ পৰা অৰবিন্দ ডেকাই । সাহিত্য সংগঠক স্বাগতা বৰাই সঞ্চালনা কৰা অনুষ্ঠানটোৰ আঁতধৰি উদ্দেশ্য বাখ্যা কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথে।

কেবাঘন্টীয়া এই বৰ্ণময় অনুষ্ঠানটোত অসম সাহিত্য সভাৰ উপসভাপতি ডা° গিৰিশ সন্দিকৈ, অসম সাহিত্য সভা কু্ঁহি উপ সমিতিৰ কাৰ্যকৰী সভাপতি ঊষা বৰগোহাঁই, অৰুণাচল প্ৰদেশৰ সাহিত্যিক অজন্তা, অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী, অসম সাহিত্য সভাৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা, সাংগঠনিক সম্পাদক দিগন্ত ভূঞা, অজয় সিংহ, অনঙ্গ কুমাৰ নাথ, প্ৰজাতীয় মৈত্ৰীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগন, আকাশ উপ সমিতিৰ আহ্বায়ক মঞ্জু হাজৰিকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, সাংবাদিক কন্দৰ্প কুমাৰ কলিতা, নগাঁও আঞ্চলিকৰ প্ৰাক্তন সম্পাদক যতীন্দ্ৰ নাথ সূত, গৱেষণা বিষয়া দীপক চৰকাৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই কয় যে কুঁহিত অংশলোৱা শিশু সকল অসম সাহিত্য সভাৰ ভৱিষ্যত। মাজুলী জিলাৰ শিশু শিল্পী ৰক্তিম ৰঞ্জন নাথ, চৰাইদেউ জিলাৰ লিছা ৰাজখোৱা, মৰিগাঁও জিলাৰ হৰ্ষিতা নাথ, দৰঙ জিলাৰ পঞ্চানন বৰা, বিভাস বৈভৱ মহন্ত, নগাঁও জিলাৰ দৰ্শনা বৰা প্ৰমুখ্যে নিৰ্বাচিত শতাধিক কু্ঁহি অংশগ্ৰহণকাৰীক কিতাপৰ টোপোলা, নগদ ধন, প্ৰসংশন পত্ৰৰে প্ৰদান কৰা হয়।

Leave A Reply