Breaking

বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত ছকিনা বেওৱাৰ ঘৰত ডকাইতি কাণ্ড সংগঠিত কৰা মূল নায়ক আশ্ৰাফুল আলম তালুকদাৰক কৰায়ত্ব

0 1,062

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত বিধৱা মহিলা ছকিনা বেওৱাৰ ঘৰত ডকাইতি কাণ্ড সংগঠিত কৰা মূল নায়ক আশ্ৰাফুল আলম তালুকদাৰক আৰক্ষীয়ে কৰায়ত্ব কৰিছে।গোলাপাৰা চতুৰ্থ খণ্ডৰ মৃত্যু আব্দুল লতিফৰ বিধৱা মহিলা ছকিনা বেওৱাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ স্হানীয় যুৱক আশ্ৰাফুল আলম তালুকদাৰে ডকাইতি কাণ্ড সংগঠিত কৰি চোকা অস্ৰৰে মুখমণ্ডল আৰু শৰীৰৰ বিভিন্ন অংগত আঘাত কৰি ৰক্তাক্ত কৰে।

পিছত সোনৰ কানফুলি, খাৰু, ৰুপৰ চেইন টকা পইচা লৈ যায়। মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত প্ৰথমে কলগাছিয়া আৰু পিছত বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয়লৈ লৈ উন্নত চিকিৎসা কৰি আছে। উল্লেখ্য যে তালুকদাৰৰ পৰা পূৰ্বে পিস্তল উদ্বাৰ কৰে ।অঞ্চলটোত তালুকদাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। তালুকদাৰক গ্ৰেপ্তাৰ কৰাত স্হানীয় লোকে সন্তষ্টি প্ৰকাশ কৰিছে ।

Leave A Reply