Breaking

অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত কৃষি তথ্য কেন্দ্ৰ মুকলি অনুষ্ঠান…

0 53

“আজিৰ কৃষকে প্ৰতিকূল পৰিবেশক চেলেঞ্জ কৰিব পৰা হৈছে। আৰু ই সম্ভৱ হৈ উঠিছে কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন, আৰু এই উদ্ভাৱন সমূহৰ কৃষি ক্ষেত্ৰত প্ৰয়োগৰ বাবে । যাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈয়ো কৃষক সকল আগবাঢ়ি গৈছে।” এই মন্তব্য কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাৰ । কালি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্বাৱধানত নগাঁও জিলাৰ চকলাঘাট সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি ভৱনত অনুষ্ঠিত “কৃষি তথ্য কেন্দ্ৰ” মুকলি অনুষ্ঠানটিত আৰম্ভণি ভাষণ প্ৰদান কৰি তেওঁ লগতে কয় যে, “বহু উচ্চ শিক্ষিত লোক কৃষি ক্ষেত্ৰত নামি পৰিছে । কৃষিক ব্যৱসায় হিচাপে লৈছে । কাৰণ বৰ্তমান কৃষিত সম্ভাৱনা প্ৰৱল ভাৱে বৃদ্ধি পাইছে।” গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থী প্ৰতিতী ভৰালী আৰু বিজয় দুৱৰাই আঁত ধৰা অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ পৰ্যবেক্ষক ড০ ৰঞ্জন কন্দলিয়ে “কৃষি আৰু আনুসাংগিক ক্ষেত্ৰ সমূহৰ সমস্যাৰ ক্ষেত্ৰত অঞ্চলৰ ৰাইজে আজি মুকলি কৰা তথ্য কেন্দ্ৰত সুবিধা লোৱাৰ উপৰিও কৃষি পৰামৰ্শ লব পাৰিব । লগতে ছাত্ৰ ছাত্ৰী সকলেেও কৃষক সকলৰ লগত সমানে কৃষি কৰ্মৰ অভিজ্ঞতা অৰ্জন কৰিব।” বুলি বক্তব্য প্ৰদান কৰে । আন এগৰাকী অতিথি নগাঁও জিলা কৃষি বিষয়া ড০ ৰঞ্জন প্ৰসাদ ডেকাই “জ্ঞানৰ লগত বিজ্ঞান সংযোগ হৈ কৃষি ক্ষেত্ৰ বহু আগবাঢ়ি গৈছে।

কৃষক সকল আপোনালোকে সময় আৰু অৰ্থৰ সদব্যৱহাৰ বাবে উদ্ভাৱন কৰা প্ৰযুক্তি বিদ্যা কাৰিকৰী কৌশলৰ ব্যৱহাৰ শিকি লব । বহু সহায় হব” বুলি মন্তব্য কৰে। সভাত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনিৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰা, গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ আহ্বায়ক ড০ কৌশিক দাস, হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি সভাপতি দেৱ কুমাৰ বৰা, সম্পাদক জ্যোতি প্ৰসাদ বৰা, প্ৰগতিশীল কৃষক মনোজ চৌধুৰীয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ পৰ্যবেক্ষক অধ্যাপিকা ড০ গায়ত্ৰী গোস্বামী কন্দলি, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাৰ লগতে নগাঁও জিলাৰ চকলাঘাট, হাতীচোং, চমুৱাগাওঁ, চাউলখোৱা গাঁও, কুৰুৱাবাহী, ব্ৰাহ্মণ গাঁও আদি অঞ্চলৰ পাঁচ শতাধিক কৃষক উপস্থিতি থাকে। সভাতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তৰফৰ পৰা হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি ভৱনলৈ এটি ডাষ্টবিন প্ৰদান কৰা হয়। ইফালে অনুষ্ঠানটিৰ মাজতে মাংগলিক কাৰ্যসূচীৰে দেৱ কুমাৰ বৰাই ফিটা কাটি তথ্য কেন্দ্ৰটি মুকলি কৰে।

কেন্দ্ৰটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ভূমি বিজ্ঞান বিভাগ, উদ্যান শস্য বিভাগ, শস্য বিজ্ঞান বিভাগ, উদ্ভিদ ৰোগ বিভাগ, মিলেট খেতি, পতংগ তত্ব বিভাগ, থলুৱা প্ৰযুক্তিগত পদ্ধতি বিভাগ, কৃষি বতৰ বিজ্ঞান বিভাগ, গ্ৰাম্য অৰ্থনীতি আৰু কৃষি সম্প্ৰসাৰণ বিভাগ, কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ, মীন পালন বিভাগ, পশু পালন বিভাগৰ উপৰিও কম কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতিৰ এখনি আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত হয় । অনুষ্ঠানটিতে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰকাশিত ‘কৃষিৰ ৰেঙণি’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰ হয়। গীত মাত কথাৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ পৰিচালিকা তথা কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মনে।

Leave A Reply