আজি অসম দিৱস ।
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰ দোলাবাৰীস্থিত ছ্যুকাফা ভৱনত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আৰু টাই আহোম সংস্কৃতি বিকাশ সমিতিৰ উদ্যোগত ২০২২ বৰ্ষৰ অসম তথা ছ্যুকাফা দিৱস উদযাপন কৰে।

ইয়াৰ পিছতে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে টাই আহোম সংস্কৃতি বিকাশ সমিতিৰ সভাপতি ভৱন চন্দ্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, টাই আহোম সংস্কৃতি বিকাশ সমিতিৰ উপদেষ্টা প্ৰবীণ চন্দ্ৰ গগৈ,দোলাবাৰীস্থিত ছ্যুকাফা ভৱনৰ প্ৰতিষ্ঠাপক ডাঃ সুৰেন গগৈ, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চাহাবউদ্দিন আহমেদ মুখ্য বক্তা হিচাপে উপস্থিত থাকে।