সাংবাদিক আক্ৰমণৰ ঘটনাত উদ্বিগ্ন অসম বাৰ্তাজীৱী সংঘৰ ৰাজ্যজুৰি আন্দোলনসূচী ঘোষণা । সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইন প্ৰণয়নৰ দাবী । Assam Bartajibi Sangha

Assam Bartajibi Sangha । ৰাজ্যজুৰি ক্ৰমবৰ্ধমান সাংবাদিক নিৰ্যাতন তথা আক্ৰমণৰ ঘটনাক গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম বাৰ্তাজীৱী সংঘই । সংঘই আজি অনুষ্ঠিত কৰা এখনি বিশেষ জুম বৈঠকত এই উদ্বিগ্নতা প্ৰকাশ কৰে সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই । ৰাজ্যখনৰ ২৭ খন জিলাৰ প্ৰতিনিধি , ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আৰু নিৰ্বাচিত ৰাজ্যিক কাৰ্যনিৰ্বাহকে অংশগ্ৰহণ কৰা উক্ত সভাত সাংবাদিক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়া হয় । উক্ত সভাতে ৰাজ্যখনৰ সাংবাদিক সকলৰ নিৰাপত্তাৰ বাবে এখনি সুকীয়া সাংবাদিক সুৰক্ষা আইন প্ৰণয়ন কৰিবলৈ অসম চৰকাৰক দাবী জনোৱা হয় । যি আইনৰ জড়িয়তে কতব্যৰত সাংবাদিক সকলক সুৰক্ষা প্ৰদান কৰা হব ।


আনহাতে আজিৰ সভাতে ক্ৰমবৰ্ধমান সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত ৰাজ্যজুৰি এক আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে অসম বাৰ্তাজীৱী সংঘই । সেই অনুসৰি অহা ৮ জুলাইত অসমৰ সকলো জিলা সমিতিয়ে সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা বিচাৰি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব । আনহাতে আজিৰ সভাতে চলিত মাহতে গুৱাহাটীত কেন্দ্ৰীয় ভাৱে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাজ্যিক উপ সভাপতি অঞ্জন কুমাৰ শৰ্মা , কাৰ্যালয় সম্পাদক হেমন্ত বৰ্মন , কাৰ্যনিৰ্বাহক ভাস্কৰ শৰ্মা , অশ্বিনী দুৱৰা , প্ৰশান্ত মোদক উপস্থিত থকা আজিৰ বৈঠকত আই এফ ডব্লিউ জেৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য ক্ৰমে ৰাণাজ্যোতি নেওগ , কিশোৰজ্যোতি শৰ্মা , আশিকুৰ ৰহমান , ভাস্কৰ জোতি মেধি ৰাহুল চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰে । তদুপৰি ধেমাজি জিলাৰ সভাপতি ভাস্কৰ সভাপণ্ডিত , নলবাৰীৰ সভাপতি ব্ৰজেন তালুকদাৰ , গোৱালপাৰাৰ সভাপতি চৈয়দ ৰবিউল হক , সম্পাদক জাহিদুল ইছলাম, হোজাইৰ সভাপতি মুকুল গোস্বামী , কামৰূপ জিলাৰ সভাপতি বিকাশ দাস , ওদালগুৰিৰ সভাপতি মোছাদ্দিক হুছেইন , শ্ৰীভূমিৰ সভাপতি অসীম দেব , বাক্সাৰ সভাপতি ৰাজীৱ তালুকদাৰ , সম্পাদক ভাৰত ৰাজবংশী; বিশ্বনাথ জিলাৰ দীপক শৰ্মা , দৰং জিলাৰ সম্পাদক লক্ষীনন্দন কলিতা , বজালীৰ সম্পাদক হীৰেন কলিতা ,শিবসাগৰত সম্পাদক মনোজ গগৈ , ধুবুৰীৰ সম্পাদক ইৰফান খণ্ডকাৰ; দক্ষিণ শালমাৰা মানকাচৰৰ সভাপতি শ্বাজাহান আলী. ধেমাজিৰ গৌতম পেগু , হাইলাকান্দিৰ সম্পাদক অনুপম সিংহ , উত্তৰ পুব মণ্ডলৰ সম্পাদক জগত বৰা আদিয়ে অংশগ্ৰহণ কৰে ।


উক্ত সভাৰ পিছতে সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই এক বিবৃতিত কয় যে অসমৰ শোষিত বঞ্চিত শ্ৰেণীৰ ভিতৰত সাংবাদিক সকল হৈছে অন্যতম । দিনে নিশাই ৰাইজৰ হৈ সেৱা আগবঢ়োৱা সাংবাদিক সকল আজিও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে । আৰ্থিক ভাৱে দুৰ্বল সাংবাদিক সকলে চৰকাৰে সাধাৰণ ৰাইজৰ বাবে ঘোষিত আঁচনিসমূহো লাভ নকৰে । বৰঞ্চ বহু সময়ত মন্ত্ৰী -বিধায়ক , নেতা সকলৰ বিভিন্ন তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হৈ আহিব লগীয়া হৈছে বুলি কয় । যিটো সাংবাদিক সকলৰ বাবেই নহয় অসমৰ সমাজ জীৱনৰ বাবেই দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে । অসম বাৰ্তাজীৱী সংঘই ৰাজ্যখনত কৰ্মৰত ৪০ হাজাৰ সাংবাদিক , সংবাদ কৰ্মীৰ দ-দৰমহা নিশ্চিত কৰাৰ লগতে নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰিবলৈও চৰকাৰক দাবী জনায় । সংঘই অহা ৮ জুলাইত গুৱাহাটীত এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিছে বুলিও বিবৃতিযোগে জনাইছে ।

Related Articles