Breaking

নামনি অসমৰ চিৰাং জিলাত অসম বিজেপিৰ সভাপতি ভবেশ কলিতাৰ দলীয় সাংগঠনিক পৰ্যবেক্ষণ

0 1,039

এটা জনগোষ্ঠীৰ আন জনগোষ্ঠীৰ নেতা কৰ্মী উপস্থিত নথকাত ইউ পি পি এল আৰু বিজেপি ৰ চলি থকা মনোমালিন্য প্ৰকট কৰি তুলিছে।আমাৰ অচিৰেই ৰাজনৈতিক পট পৰিৱৰ্তনৰ বাতৰি সত্যত পৰিণত হল।নামনি অসম তথা বিটিএডি এলেকাৰ চিৰাং জিলাৰ বিজনীত আজি অসম বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভবেশ কলিতা এক দলীয় সাংগঠনিক পৰ্য্যালোচনা কৰিবলৈ অনুষ্ঠিত হোৱা সভাত উপস্থিত হয়।কিন্তু উক্ত সভাত একমাত্ৰ ১টা জনগোষ্ঠীৰ লোকৰ বাহিৰে আন কোনো জনগোষ্ঠীৰ লোক উপস্থিত নথকালৈ লক্ষ্য কৰিলে দেখা যায় আমি ইয়াৰ পূৰ্বে দুই-তিনিটা প্ৰতিবেদনৰ বাতৰিত উল্লেখ কৰিছিলোঁ যে নামনি অসমত অচিৰেই ৰাজনৈতিক পট পৰিৱৰ্তন হবলৈ গৈ আছে। আজি দেখা গল আমাৰ উক্ত বাতৰি সত্যত পৰিণত হল।মূলতঃ শাসনাধিস্থ চৰকাৰৰ বিজেপি দলৰ এজন মূৰব্বী উপস্থিতিৰ সময়ত মিত্ৰজোটৰ দলীয় নেতা কৰ্মী আদি উপস্থিত থাকিব লাগিছিল।

কিন্তু চৰকাৰীপক্ষই বাংলাদেশ ,পাকিস্তানৰ হিন্দুৰ সমৰ্থন পুষ্ট তথা সন্দেহযুক্ত বেংগলী নাগৰিকৰ বাহিৰে কোনো উপস্থিত নথকাত এতিয়া প্ৰমোদ বড়োৰ ইউ পি পি এল আৰু বিজেপি দলৰ মাজত থকা মনমালিন্যয়ে অতিকে প্ৰকট কৰি তুলিছে। ইফালে এনে এক সন্ধিক্ষনৰ মাজত সভাপতি ভবেশ কলিতাই দলীয় প্ৰভাবি নেতা-কৰ্মীৰ মাজত মত বিনিময় কৰি প্ৰস্তান কৰে বুলি বাটৰিটোত প্ৰকাশ।

Leave A Reply