পুথিপ্ৰেমীৰ সঁহাৰিয়ে উৎসাহিত কৰিছে অসম গ্ৰন্থমেলা, গুৱাহাটীত অংশগ্ৰহণ কৰা প্ৰকাশন গোষ্ঠীসমূহক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এইবেলি খানাপাৰস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা গ্ৰন্থমেলাখনত আজি তৃতীয় দিনা পঢ়ুৱৈৰ ভিৰ বৃদ্ধি হোৱা পৰিলক্ষিত হয় ৷ বছৰৰ অন্তিমটো দেওবাৰ কিতাপৰ সান্নিধ্যত কটাবলৈ পুৱাৰে আৰম্ভ হয় গ্ৰন্থপ্ৰেমীৰ সোঁত ৷ বিক্ৰীৰ পৰিমাণো আশাব্যঞ্জক বুলি জানিবলৈ দিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷(Assam Book Fair 2024)
দেওবাৰে বিয়লি ১ বজাৰ পৰা শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “ভিন্ন সাহিত্য-ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ” শীৰ্ষক আলোচনা সত্ৰ ৷ ইয়াত সঞ্চালকৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক, সমালোচক ড° আনন্দ বৰমুদৈয়ে ৷ তেওঁ ভাষণ প্ৰসংগত কয়—“ আমি কি পঢ়িম আৰু কিয় পঢ়িম , নাইবা কিয় পঢ়া উচিত ? ইয়াৰ উত্তৰ নিজে বিচাৰিব পাৰিব লাগিব পাঠকে ৷ বিষয় বস্তুৰ বিচিত্ৰতাই সাহিত্যক বিভিন্ন ধৰণে সমৃদ্ধ কৰিছে ৷ সাহিত্যৰ পৰিমণ্ডল ন ন ৰূপেৰে প্ৰসাৰিত হৈছে ৷ গতিকে পঠনৰ বাবে পুথি এখন নিৰ্বাচন কৰাটো পাঠকৰ গুৰু দায়িত্ব ৷” তেওঁ লগতে কয় যে গ্ৰন্থ পঠন প্ৰক্ৰিয়াটো মূলত জ্ঞান অৰ্জনৰ সৈতে সম্পৰ্কিত ৷ কেৱল যে সাহিত্যৰ কিতাপেহে জ্ঞানৰ বাট দেখুৱায় এনে নহয়, ভিন্ন বিষয়ৰ গ্ৰন্থই ভিন্ন দুৱাৰ মুকলি কৰে ৷ এখন নাটক চোৱা, গান শুনা, ছবি চোৱাও একধৰণৰ পঠন প্ৰক্ৰিয়া ৷

পঠনৰ আনন্দৰ সৈতেই এয়া সংপৃক্ত হৈ আছে ৷ আলোচক অতিথি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড° বিভাস চৌধুৰীয়ে আলোচ্য বিষয় সন্দৰ্ভত কয় যে আজিকালি ভিন্ন বিষয়ৰ কিতাপ প্ৰকাশ পোৱাই নহয়, কিতাপৰ ৰূপো ভিন্ন হৈছে ৷ এসময়ত মানুহে হাতত লৈ পঢ়া কিতাপখন আজিৰ ল’ৰা-ছোৱালীয়ে স্ক্ৰীণত পঢ়ে ৷ এই পঠন প্ৰক্ৰিয়াৰ জৰিয়তে নতুন প্ৰজন্মই পলকতে অভিধান চাই নজনা শব্দটো বুজি লোৱাৰ, আনুষংগিক বিষয় খুচৰি চোৱাৰ সুবিধা গ্ৰহণ কৰে ৷ তেওঁলোকৰ বাবে এই অভিজ্ঞতা আনন্দদায়ক ৷ পুৰণি মানুহখিনিয়ে হাতত কিতাপ লৈ আনন্দ পায় ৷ অৰ্থাৎ আনন্দ লাভৰ প্ৰক্ৰিয়াও সলনি হৈছে ৷ তেওঁ লগতে কয়—“এখন কিতাপ পঢ়াৰ আনন্দই আন এখন কিতাপ পঢ়িবলৈ আগ্ৰহ জন্মায় আৰু এখন দীক্ষিত পঢ়ুৱৈ সমাজ গঢ়ি তোলে ৷” ইয়াত আলোচক অতিথিৰূপে অংশ লৈ ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড° অৰিন্দম শৰ্মাই কয় যে কিতাপ পঢ়ি ক’লৈকো নোযোৱাকৈয়ে পৃথিৱী ভ্ৰমণ কৰিব পাৰি ৷ কাৰণ কিতাপবোৰে লেখক-সাহিত্যিক সকলে য’ত বাস কৰে সেই ঠাইক পাঠকৰ ওচৰলৈ লৈ যায় ৷
এয়া গ্ৰন্থ পঠনৰ আনন্দদায়ক অভিজ্ঞতা ৷ পঠনৰ জৰিয়তে লেখক-পাঠকৰ উত্তৰণ ঘটে ৷ আন এগৰাকী আলোচক অতিথি, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে বিষয় প্ৰসংগত এনেদৰে কয়—“ সাহিত্যৰ যিকোনো বিষয় এগৰাকী পাঠকৰ বাবে আপেক্ষিকভাৱে গুৰুত্বপূৰ্ণ আৰু আনন্দদায়ক হ’ব পাৰে ৷বিষয় কেতিয়াবা সলনিও হ’ব পাৰে ৷ ইতিমধ্যে আমাৰ মাজলৈ বিভিন্ন ধাৰাৰ গ্ৰন্থ আহিছে ৷ এই গ্ৰন্থবোৰ পঠনৰ আনন্দও বেলেগ বেলেগ ৷ দৰাচলতে বিষয়ৰ ভিন্নতাই সাহিত্যক অধিক শক্তিশালী কৰিছে আৰু ৰসাস্বাদনৰ আনন্দ দিছে পঢ়ুৱৈ সমাজক ৷” একেদৰে আলোচক অতিথি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড° সত্যকাম বৰঠাকুৰৰ বক্তব্য হৈছে—“ গ্ৰন্থ পঠনৰ প্ৰথম আনন্দৰ অনুভৱ একান্ত ব্যক্তিগত ৷ কিন্তু এই আনন্দই বিস্তৃতি লাভ কৰে আৰু ভিন্ন ধাৰাৰ সাহিত্যৰ সোৱাদ ল’বলৈ উদ্বুদ্ধ কৰে৷ গ্ৰন্থ পঠনে এনেদৰে নতুন জ্ঞান লাভৰ আনন্দ প্ৰদান কৰে ৷
অৱশ্যে কোনে কি কিতাপ পঢ়িবলৈ ভাল পায় এয়া পাঠকৰ মানসিক গঠন আৰু ৰুচীৰ ওপৰত নিৰ্ভৰ কৰে ৷” আলোচক অতিথি, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে কয় যে গ্ৰন্থ পঠনৰ প্ৰাথমিক আনন্দ হৈছে চিন্তাৰ উন্মেষ ঘটা কাৰ্য ৷ ভিন্ন কিতাপে ভিন্ন দৃষ্টিভংগীৰে পৃথিৱীখন চাবলৈ শিকায় ৷ অৰ্থাৎ বহুমুখী বিষয়েৰে মানুহৰ ধ্যান-ধাৰণা পৰিপূৰ্ণ হয় ৷ গ্ৰন্থ পঠনৰ এয়া হৈছে অনিৰ্বচনীয় আনন্দ ৷ সত্ৰখনত আলোচক অতিথিৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক ড° প্ৰাঞ্জল শৰ্মা বশিষ্ঠ ৷ তেওঁ কয় যে সময়ৰ লগে লগে মানুহৰ চিন্তাৰ পৰিধিও বিশাল হৈছে ৷ সেয়ে বিভিন্ন বিষয় মানুহৰ মাজলৈ আহিছে ৷ লৈংগিক বিষয়, মনোজগতৰ বিভিন্ন স্তৰ, সমাজিক বৈষম্য আদিৰ নতুন নতুন দিশ উন্মোচিত কৰিছে এই বিষয়ক গ্ৰন্থসমূহে ৷ গ্ৰন্থ পঠনৰ মাজেৰেই এনে বিষয়ৰ মুখামুখী হোৱা, সমাধান সূত্ৰৰ সন্ধান কৰিব পৰাকৈ নিজৰ উত্তৰণ কৰাৰ আনন্দ লাভ কৰা যায় ৷ এই অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷
বিয়লি ৩ বজাৰ পৰা আয়োজন কৰা হয় “গল্পৰ আবেলি” শীৰ্ষক আন এক মনোজ্ঞ অনুষ্ঠান ৷ এই অনুষ্ঠান উদ্বোধন কৰে সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট কথা-শিল্পী মনোজ কুমাৰ গোস্বামীয়ে ৷ তেওঁ কয় যে আমাৰ দেশখন সাধুকথাৰ দেশ৷ ঋগ্বেদ, ৰামায়ণ- মহাভাৰতৰ যুগৰ পৰাই এই সাধুকথা অৰ্থাৎ গল্পৰ প্ৰচলন আছিল ৷ কিন্তু এতিয়া গল্প-কবিতাৰ প্ৰতি নতুন প্ৰজন্মৰ আকৰ্ষণ কমিছে নেকি ? এতিয়াৰ প্ৰজন্মই প্ৰযুক্তিৰ জৰিয়তে বিশ্বমাত্ৰিক বিষয়বস্তুৰে আৰম্ভণিৰ পৰাই পৰিচিত হয় ৷ সেয়ে আমাৰ সৃষ্টিয়ে তেওঁলোকৰ মনৰ খোৰাক যোগাব পৰা হ’ব লাগিব ৷ তেওঁ লগতে কয় যে অসমীয়া সাহিত্যক বিশ্বৰ মঞ্চলৈ আগবঢ়াই দিব পৰাকৈ ভাল অনুবাদ হোৱাৰ প্ৰয়োজন আছে ৷ কিন্তু অসমত সমালোচনা, অনুবাদ আৰু শিশু সাহিত্যৰ অভাৱ ঘটিছে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট গল্পকাৰ অপূৰ্ব শইকীয়াই ৷
তেওঁ ভাষণ প্ৰসংগত কয়—“ অসমীয়া সাহিত্যৰ চহকীৰূপটোক বিশ্বত পৰিচিতি দিবলৈ হ’লে অনুবাদ অতি প্ৰয়োজনীয় ৷ কিন্তু এই অভাৱ পূৰণ হোৱা নাই এতিয়াও ৷ ভাষাটো এক বাহকহে ৷ ইয়াৰ জৰিয়তে কি ওলাই আহে সেয়াহে গুৰুত্বপূৰ্ণ ৷” তেওঁ নতুন লেখকসকলৰ সৃষ্টি উন্নত মানৰ বুলি আনন্দ প্ৰকাশ কৰে ৷ অনুষ্ঠানটিৰ আন এগৰাকী বিশিষ্ট অতিথি, সমাদৃত গল্পকাৰ বিতোপন বৰবৰাই এইবুলি কয়—“ভাষাটোৰ শুদ্ধ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ বিষয় ৷ বহুতে ভাল ভাল বিষয়কলৈ উন্নত মানৰ গল্প ৰচনা কৰা দেখিছোঁ ৷ কিন্তু তেওঁলোকৰ ভাষাৰ প্ৰয়োগ, বানান শুদ্ধ হয়নে নহয় সেই ক্ষেত্ৰত সচেতন হোৱাটো বাঞ্ছনীয় ৷” “গল্পৰ আবেলি” আকৰ্ষণীয় ৰূপত পৰিচালনা কৰে বিশিষ্ট কথা-শিল্পী অতনু ভট্টাচাৰ্যই ৷ তেওঁ কাহিনী কথনৰ বিভিন্ন দিশৰ বিশ্লেষণ আগবাঢ়াই কয় যে গল্প মানুহৰ মনৰ এক তাড়না ৷ সকলোৱে কাহিনী দেখে, কাহিনী কঢ়িয়ায় ৷ কিন্তু সকলোৱে গল্প নিলিখে ৷
“প্ৰকাশ” আলোচনীৰ সহযোগী সম্পাদক, গল্পকাৰ গীতালি বৰাই আঁত ধৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ফুল গোস্বামী, প্ৰকৃতি নাজিৰ, অনামিকা বৰা, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা,মণিকা দেৱী, বিপাশা বৰা, অভিজিৎ বৰা, অপু ভৰদ্বাজ, নীলোৎপল বৰুৱা, মনস্বীনি মহন্ত, ভাস্কৰজ্যোতি বৰুৱা, পাপৰি বৰ্মন, পংকজ কুমাৰ দত্ত, নমিতা বৈশ্য, অৰ্চনা বৰঠাকুৰ, মেঘনা চৌধুৰী, সুপ্ৰকাশ ভূঞা, উপাসনা শইকীয়া আদি গল্পকাৰ সকলে ৷ সন্ধিয়া প্ৰবোধ দাসৰ পৰিচালনত শিক্ষানুষ্ঠানৰ মাজত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা ৷

