Breaking

“শিশুৰ দিন” উদযাপনেৰে আনন্দমুখৰ অসম গ্ৰন্থমেলা, বঙাইগাঁও

0 64

অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ বৰ্ণিল কাৰ্যক্ৰমণিকাই বঙাইগাঁও আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ভাষা-সাহিত্যপ্ৰেমী ৰাইজৰ মাজত সৃষ্টি কৰিছে উৎসাহ-উদ্দীপনা৷

অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ গান্ধী ময়দানত যোৱা ১৩ মাৰ্চৰ পৰা সাতদিনীয়াকৈ আয়োজিত হৈছে এই গ্ৰন্থমেলা৷

আজি ইয়াত “শিশুৰ দিন” উদযাপন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন, কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা৷ পুৱা ১১ বজাত বন্তি প্ৰজ্বলিত কৰি “শিশুৰ দিন” উদ্বোধন কৰে বিশিষ্ট লেখক, অনুবাদক , সাহিত্য আকাডেমী বঁটাৰে সন্মানিত সুসাহিত্যিক ৰাজা দেৱজিৎ বসুমতাৰীয়ে৷ উদ্বোধনী ভাষণত তেওঁ কয় যে কুইজ, চিত্ৰাংকন , আকস্মিক বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতাই শিশুৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে৷

এনে অনুষ্ঠানে শিশুসকলৰ মানসিক বিকাশ আৰু মনৰ দৃঢ়তা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়৷ তেওঁ শিশু আৰু অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাই কয়—“ভাল মানুহ হোৱাটো জীৱনৰ লক্ষ্য কৰি লোৱা উচিত৷ প্ৰকৃতাৰ্থত মানুহ হোৱাৰ সাধনাই এনে লক্ষ্যত উপনীত কৰায়৷ মানুহৰ প্ৰতি মৰম-সন্মান , সদাচাৰ, পৰোপকাৰ—এইবোৰ ভাল মানুহৰ গুণ৷ মানুহ এই গুণৰাজীৰ অধিকাৰী হ’লে সমাজ-জীৱন শান্তিপূৰ্ণ হয়৷”

তেওঁ অসম প্ৰকাশন পৰিষদ , সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰাটো সমাজৰ বাবে শুভকৰ্ম বুলি উল্লেখ কৰি দুয়োটা সংস্থাকে ধন্যবাদ জ্ঞাপন কৰে৷ উল্লখ্য যে ৩ শতাধিক শিশুৱে চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত যোগদান কৰে।

আকস্মিক বক্তৃতাৰ “ক” শাখাত পঞ্চী প্ৰিয়ম দাসে প্ৰথম, দেৱাস্তুতি ৰূপম নাথে দ্বিতীয়, হাৰ্দিক ওজাই তৃতীয় আৰু অনন্যা গৌতমে উদগনি বঁটা লাভ কৰে৷ “খ” শাখাত ৰত্নাপ্ৰভা সিংহই প্ৰথম , অনিন্দিতা দাসে দ্বিতীয়, পল প্ৰদ্যুম্ন দাস আৰু প্ৰৱাহিনী গৌতমে যুটীয়াকৈ তৃতীয় আৰু মৃগাক্ষি কাশ্যপে উদগনি বঁটা লাভ কৰে৷

“গ” শাখাত ৰৌশন দাসে প্ৰথম, প্ৰযুক্তা শৰ্মা আৰু অয়ন কাশ্যপে যুটীয়াকৈ দ্বিতীয়, আকাশদ্বীপ গোস্বামীয়ে তৃতীয় আৰু উৰ্মিমালা সাহাই উদগনি বঁটা লাভ কৰে৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত কৌশানী চৌধুৰীয়ে প্ৰথম , মঞ্জিষ্ঠা মেধিয়ে দ্বিতীয় , জ্যোতিষ দাসে তৃতীয় স্থান লাভ কৰে৷

ইয়াত আয়ুস দেৱনাথ , তৃষা দে’ , পঞ্চী প্ৰিয়ম দাসে উদগনি আৰু এৰিকা চৌধুৰীয়ে বিশেষ উদগনি বঁটা লাভ কৰে ৷ “খ” শাখাত স্নেহাশিস পুৰকায়স্থই প্ৰথম, আয়ুস্মান শইকীয়াই দ্বিতীয়, দেৱাংগ ৰয়ে তৃতীয় স্থান লাভ কৰে ৷ ইয়াত জ্যোতিৰূপ পাল , স্নিগ্ধা ঘোষ , মেৰীপ্ৰিয়া বৰা, শ্ৰীপৰ্ণা সৰকাৰে উদগনি বঁটা লাভ কৰে৷

“গ” শাখাত ফ্ল’ৰিনা বৰাই প্ৰথম, অৰ্পণা বৈদ্যই দ্বিতীয় , বেদব্ৰত সাহাই তৃতীয় স্থান লাভ কৰে৷ ইয়াত তিষি দেৱনাথ, নিশিতা শৰ্মা, চন্দ্ৰাশ্ৰী ৰয়, ক’য়েল দাসে উদগনি বঁটা লাভ কৰে৷

এই ফলাফল অনুসৰি কাইলৈ বঁটা বিতৰণী কৰা হ’ব৷ আজি চিত্ৰাংকন আৰু আকস্মিক বক্তৃতাৰ পাছত মুকলি কুইজ পৰিচালনা কৰে নয়নজ্যোতি বৰাই। সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচী পৰিচালনা কৰে প্ৰবোধ দাসে৷

কাইলৈ বিয়লি আয়োজন কৰা হ’ব অসম গ্ৰন্থমেলা , বঙাইগাঁৱৰ সামৰণি অনুষ্ঠান৷ ইয়াত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক কুল শইকীয়াই৷

বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক, অভিধান প্ৰণেতা সুমন্ত চলিহা , গৱেষক -লেখক ড° মলিনা দেৱী ৰাভা,, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যাবাহী সদস্য গকুল বৰ্মন , বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়ো আৰু বিশিষ্ট লেখক, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই৷

Leave A Reply