Assam Book Fair: নৱবৰ্ষৰ পহিলা দিনটোত পুথিপ্ৰেমীৰ উৎসাহজনক সমাৱেশ অসম গ্ৰন্থমেলাত

খ্ৰীষ্টিয় নৱবৰ্ষৰ পহিলা দিনটোত পুথিপ্ৰেমীৰ উৎসাহজনক সমাৱেশ হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷ (Assam Book Fair)

পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে খানাপাৰা বাকৰি ৷ নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ , জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ সমাৱেশে অসম গ্ৰন্থমেলা, গুৱাহাটীত উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে ৷ বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৫ক স্বাগত জনায় পঢ়ুৱৈ সমাজে ৷ বুধবাৰে কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷ ইপিনে বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে আকৰ্ষণীয় অনুষ্ঠান লেখক-পাঠকৰ সমাৰোহ “উন্মীলন”৷ এই অনুষ্ঠান উদ্বোধন কৰে মহানগৰীৰ আৰক্ষী আয়ুক্ত, কবি-লেখক ড° পাৰ্থ সাৰথি মহন্তই ৷ তেওঁ কয় যে গ্ৰন্থমেলা সদায়ে বৌদ্ধিক চৰ্চাৰ থলী হিচাপে বিবেচিত হৈ আহিছে ৷ কিতাপৰ সান্নিধ্যই মনলৈ এক পবিত্ৰতা আনি দিয়ে ৷ কাৰণ কিতাপৰ মাজেৰেই আমাৰ ভাষা-সাহিত্য জীয়াই থাকে, ভাষা-সাহিত্য আগবাঢ়ে ৷ নিজৰ ভাষাটোক অৰ্থাৎ মাতৃভাষাক সন্মান কৰা, শুদ্ধভাৱে চৰ্চা আৰু প্ৰয়োগ কৰাটো আমাৰ সকলোৰে দায়িত্ব ৷ নিজৰ ভাষাটোকলৈ আমি গৌৰৱ কৰিব পৰা মানসিকতা গঢ়ি তুলিব লাগিব ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে কলকতাৰ বিশিষ্ট লেখক বিনোদ ঘোষালে ৷ তেওঁ নিজৰ জীৱন সংগ্ৰামৰ বিষয়ে উল্লেখ কৰি কয় কেনেদৰে দোকানত কাম কৰিছিল, আনৰ ঘৰৰ বজাৰৰ হিচাপ ৰাখি জীৱন নিৰ্বাহ কৰিছিল আৰু কষ্টকৰ দৈনন্দিন জীৱন-যাত্ৰাৰ মাজতো লিখাৰ অনুশীলন কৰিছিল ৷ তেওঁ নতুন লেখকসকলক উদ্দেশ্যি কয়—“কলমটোৰ ভুল ব্যৱহাৰ কৰিব নালাগে ৷ নিজৰ যি বিশ্বাস সেয়াহে লিখিব লাগে ৷ যি কথা নিজে বিশ্বাস নকৰে সেয়া লিখা অনুচিত ৷” অনুষ্ঠানটি আকৰ্ষণীয়ৰূপত সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক-লেখক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে ৷ তেওঁ “উন্মীলন”ত অংশগ্ৰহণ কৰা নতুন লেখকসকলৰ গল্প, কবিতা, নিৱদ্ধৰ বিভিন্ন দিশ আলোচনাৰ মাজলৈ আনে ৷ তেওঁ কয় যে নতুন লেখকসকল নিজৰ ভাষাটোৰ প্ৰতি সজাগ হোৱা উচিত ৷নিজৰ ভাষাটো ভুলকৈ ব্যৱহাৰ কৰাটো অত্যন্ত দুখজনক ৷ তেওঁ গ্ৰন্থমেলাত যুৱ-লেখকসকলৰ বাবে এনে এটা অনুষ্ঠানৰ আয়োজন কৰি নতুন লেখকসকলক ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ উলিয়াই অনাৰ প্ৰয়াস আদৰণীয় ৷ “উন্মীলন”ত অংশগ্ৰহণ কৰা যুৱ-লেখকসকল হৈছে সৃঞ্জনা শৰ্মা, কৌশিকী গোস্বামী, সংকল্পজিৎ শইকীয়া, হেমন্ত বৰা, হৰ্ষিতা হিয়া, ৰ’দালি চেতিয়া, দিগন্ত নিৱিড়, প্ৰাণজিৎ কোঁচ, ছেল্‌ফ মেড ৰাণী, বৰষাৰাণী বৰা,অন্তৰীপ কাকতি আদি যুৱ প্ৰজন্মৰ গল্পকাৰ, কবি, নিৱন্ধকাৰসকলে ৷

গজেন্দ্ৰ চিন্তামণি, জ্যোতিষ উন্মোচন

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা, গুৱাহাটীত আজি দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচিত হয় ৷ ৰাজ্য চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ে প্ৰকাশ কৰা গ্ৰন্থ দুখন হৈছে জামুগুৰিৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° ৰাস্না ৰাজখোৱাই সম্পাদনা কৰা “গজেন্দ্ৰ চিন্তামণি” আৰু “জ্যোতিষ” ৷ “গজেন্দ্ৰ চিন্তামণি” উন্মোচন কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ কয় যে অসম গ্ৰন্থমেলাৰ বাকৰিত উন্মোচিত গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ ভিতৰত “গজেন্দ্ৰ চিন্তামণি” অন্যতম ৷ অসম প্ৰকাশন পৰিষদে এই মূল্যৱান পুথিখনৰ ইংৰাজী সংস্কৰণৰ কামো সম্পূৰ্ণ কৰি তুলিছে ৷ অচিৰেই গ্ৰন্থখনে প্ৰকাশৰ মুখ দেখা পাব৷

“জ্যোতিষ” গ্ৰন্থখন উন্মোচন কৰে কলকতাৰ বিশিষ্ট লেখক বিনোদ ঘোষালে ৷ তেওঁ কয় যে গ্ৰন্থ এখন উন্মোচন হোৱা মানেই মানৱ সভ্যতালৈ শুভবাৰ্তা ৷ গ্ৰন্থমেলাসমূহ দৰাচলতে জ্ঞানৰ মেলা ৷ কাৰণ কিতাপৰ মাজেৰে ইয়াত জ্ঞানৰ দুৱাৰ মুকলি কৰা হয় ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড° সংগীতা গগৈয়ে ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষ ২০২৫ক কিতাপৰ বছৰ বুলি কৰা ঘোষণাৰে সংগতি ৰাখি বছৰৰ পহিলা দিনটোতে আজি এই গ্ৰন্থ দুখন উন্মোচন কৰা হৈছে ৷ এই দুয়োখন পুথি পুৰনি সাঁচিপতীয়া পুথিৰ পৰা পাঠ সংগ্ৰহ কৰি সম্পাদনা কৰা বুলি সদৰী কৰে ড° গগৈয়ে ৷ বিশিষ্ট সাংবাদিক-লেখক অচ্যুৎ কুমাৰ পাটোৱাৰীয়েও অংশগ্ৰহণ কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷

Related Articles