অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ধেমাজিত প্ৰথম বাৰৰ বাবে আয়োজিত অসম গ্ৰন্থমেলা ধেমাজি -২০২২ ৰ লাইখুটা আজি ধেমাজিৰ কাছাৰী ময়দানত স্থাপন কৰা হয় ৷ বিশিষ্ট লেখক,প্ৰবীন সাংবাদিক, সমাজকৰ্মী উমেশ চেতিয়া, বিশিষ্ট লেখক ,শিল্পী ড° পুষ্প গগৈ, আৰু মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি এই শুভ কাৰ্য সম্পন্ন কৰে ৷

ধেমাজি চহৰৰ আগশাৰীৰ ব্যক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা সদাশয় লোকৰ উপস্থিতিত গ্ৰন্থমেলাৰ লাইখুটা স্থাপন কৰি লৃখক উমেশ চেতিয়াই কয় যে ধেমাজি চহৰত গ্ৰন্থমেলাৰ আয়োজন কৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এক নতুন যাত্ৰাৰ শুভাৰম্ভ কৰিছে ৷ ধেমাজি চহৰত গ্ৰন্থমেলাৰ এই বৃহৎ পৰিসৰৰ আয়োজনে কেৱল গ্ৰন্থ জগতলৈকে যে শুভ বাৰ্তা কঢ়িয়াই আনিব এনে নহয় সমগ্ৰ জিলাখনতে নতুন উদ্দীপনাৰ সৃষ্টি কৰিব ৷

আজিৰ অনুষ্ঠানৰ আন এগৰাকী বিশিষ্ট অতিথি ড° পুষ্প গগৈয়ে অসম গ্ৰন্থমেলা, ধেমাজিয়ে ধেমাজিবাসীৰ মনত নতুন প্ৰেৰণা সৃষ্টি কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ গ্ৰন্থমেলাৰ লাইখুটা স্থাপনৰ আন এগৰাকী অতিথি মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ধেমাজিত গ্ৰন্থমেলা আয়োজন কৰি সমগ্ৰ জিলাখনকে নতুন চিন্তাৰে উদ্বুদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰিছে ৷ বানে গৰকা বিভিন্ন সমস্যাৰে আক্ৰান্ত এই জিলাখনত মহা পয়োভৰৰে গ্ৰন্থমেলা আয়োজন কৰিবলৈ লোৱা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা সকলোৰে কৃতজ্ঞতাৰ পাত্ৰ হৈছে ৷

মুকুতা’ৰ সহযোগী সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানৰ প্ৰাৰম্ভতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজিৰ লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থকা গ্ৰন্থপ্ৰেমী ৰাইজক সম্বোধন কৰি ধেমাজিত অসম গ্ৰন্থমেলা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰি আদৰণি ভাষণ প্ৰদান কৰে ৷ কলিতাই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যুটীয়াভাৱে গ্ৰন্থমেলা আয়োজন সন্দৰ্ভত সবিশেষ ব্যক্ত কৰি কয় যে কেবল গুৱাহাটীতেই গ্ৰন্থমেলা আৱদ্ধ নাৰাখি ৰাজ্যখনৰ ভিন্ন প্ৰান্তলৈ বিস্তাৰ কৰাৰ চৰকাৰৰ যি প্ৰয়াস তাক সফল ৰূপায়ণৰ চেষ্টা কৰা হৈছে ৷ শলাগ জ্ঞাপন কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতাসংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম৷ চৌধুৰীে