Breaking

২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীত অসম গ্ৰন্থমেলা…

0 71

অহা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈকে ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা, গুৱাহাটী৷ ইতিমধ্যে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে৷ আজি এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে কয় যে এইবছৰ হাফলং, বাংগালুৰু, তিনিচুকীয়া, শিৱসাগৰ,নলবাৰী, আৰু শিলচৰত অসম গ্ৰন্থমেলা সফলভাবে আয়োজিত হোৱাৰ পিছত গুৱাহাটীত এই গ্ৰন্থমেলাৰ প্ৰস্তুতি চলোৱা হৈছে৷ ইতিমধ্যে যোৱা ২৭ নবেম্বৰৰ পৰা নলবাৰী আৰু ১ ডিচেম্বৰৰ পৰা শিলচৰত সমান্তৰালভাৱে অসম গ্ৰন্থমেলা চলি আছে৷ এই বছৰ গুৱাহাটীত হ’ব লগীয়া অসম গ্ৰন্থমেলাৰ বাবে অসমৰ লগতে আৰু ৰাজ্যৰ বাহিৰৰ ১৫০টাৰো অধিক প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰাৰ বাবে যোগাযোগ কৰি আছে ৷ আজি সংবাদমেলখনত সচিব কলিতাই অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে জানিবলৈ দিয়ে যে অহা ২৯ ডিচেম্বৰত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী তথা প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুক নিমন্ত্ৰণ জনোৱা হৈছে। বিশিষ্ট লেখক তথা আইনজ্ঞ জে ছাই দীপক আৰু সাহিত্য অকাদেমিৰ সচিব ড॰ কে শ্ৰীনিৱাস ৰাও এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷


১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আংশিক কাৰ্যসূচী সদৰি কৰি কলিতাই লগতে কয় – বিগত বৰ্ষসমূহৰ দৰেই এইবছৰো প্ৰতিদিনেই ভাষা-সাহিত্য আৰু সমাজ-জীৱনৰ বিভিন্ন প্ৰাসংগিক বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত বিজ্ঞ -অভিজ্ঞ ব্যক্তিসকলৰ অংশগ্ৰহণেৰে আলোচনা সত্ৰ অনুষ্ঠিত হ’ব৷ এই আলোচনা সত্ৰসমূহত বাংগালুৰুৰ সাহিত্য অকাদেমিৰ বঁটা বিজেতা পটিপক্কা মোহন, সংস্কৃত পণ্ডিত সম্পাদনান্দ মিশ্ৰ, মুম্বাইৰ প্ৰখ্যাত লেখক সুদীপ নাগাৰকাৰে অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ ইফালে গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷ সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব প্ৰখ্যাত লেখক দীপ হালদাৰ আৰু প্ৰখ্যাত পৰিৱেশ কৰ্মী-লেখক মোহিত ৰায়ে৷ গ্ৰন্থমেলাত প্ৰতি সন্ধিয়া আয়োজিত হ’ব মনপৰশা সাংস্কৃতিক অনুষ্ঠান৷ এই অনুষ্ঠান গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী শিক্ষানুষ্ঠানসমূহৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতাৰ মাধ্যমেৰে অনুষ্ঠিত হ’ব৷ ইফালে গ্ৰন্থমেলা উপলক্ষে আয়োজিত হ’ব লগা ‘শিশুৰ দিন’ত ১৮ বছৰ অনূধ্বৰ ছাত্ৰী-ছাত্ৰীসকলৰ মাজত তিনিটা শাখাত চিত্ৰাংকণ, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ বিগত বৰ্ষসমূহৰ দৰেই এইবছৰো যুৱক-যুৱতীসকলৰ প্ৰতিভা বিকাশ অনুষ্ঠান ‘উন্মীলন’, লেখক-পাঠকৰ আড্ডা, কবি সন্মিলন আদি অনুষ্ঠিত হ’ব৷ এইবাৰ মহিলাসকলৰ বাবে এটা দিনত ভিন্ন কাৰ্যসূচী আয়োজিত হ’ব৷

বৰ্ষীয়ান সাহিত্যিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যবস্থা : অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰৱেশ পত্ৰৰ ১০ টকীয়া হ’ব৷ বিগত বছৰৰ দৰেই এই বছৰো গ্ৰন্থমেলাত প্ৰবেশৰ বাবে বৰ্ষীয়ান সাহিত্যিক আৰু পৰিচয় পত্ৰ থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া কৰা হৈছে৷ উল্লেখ্য, আজিৰ সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ লগতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামীয়ে অংশগ্ৰহণ কৰে৷

Leave A Reply