Breaking

অসম গ্ৰন্থমেলা, হাফলঙত বহুভাষিক কবি সন্মিলন…

0 73

এনে অনুষ্ঠানে বহুমাত্ৰিক সমাজখন সদৃঢ় কৰেঃ ড° প্ৰাণজিৎ বৰা

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, হাফলঙত আজি অনুষ্ঠিত হয় এখনি আকৰ্ষণীয় বহুভাষিক কবি সন্মিলন ৷ বিশিষ্ট কবি-সমালোচক ড° প্ৰাণজিৎ বৰাই গাম্ভীৰ্যপূৰ্ণভাৱে কবি সন্মিলনখন সঞ্চালনা কৰে ৷ সঞ্চালকৰ বক্তব্যত ড° বৰাই কয়—“ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই হাফলঙত এনেদৰে গ্ৰন্থমেলা আয়োজন কৰাটো যথাৰ্থতে শলাগ ল’বলগীয়া পদক্ষেপ ৷

আজিৰ বহুভাষিক কবি সন্মিলনেও সমাজলৈ শুভবাৰ্তা প্ৰেৰণ কৰিছে৷ ইয়াত কবিসকলে তেওঁলোকৰ নিজৰ ভাষাৰ গৰিমা আৰু সমাজ-জীৱনৰ ঐতিহ্য-সংস্কৃতি কবিতাৰ জৰিয়তে প্ৰকাশ কৰিছে ৷ এনে অনুষ্ঠান ভিন্ন ভাষিক কবিসকলৰ মত বিনিময়ৰ বাবে অতি উপযোগী ৷ ইয়াৰ ফলত সাহিত্যই সমৃদ্ধি লাভ কৰাৰ লগতে আমাৰ বহুমাত্ৰিক সমাজখন সদৃঢ় হয় ৷” ইয়াত কবিতা পাঠ কৰে বিভাৰাণী তালুকদাৰ, বৰ্ণালী বৰগোহাঁই , মৃদুল হালৈ , লংবীৰ তেৰাং , ৱেলছন হাঞ্চে, গোপাল থাওছেন, ড° হোমি থাওছেন , বিজিৎ গৌৰা ৰামছিয়াৰী ,কম্ফু খুংগুৰ ব্ৰহ্ম , ড° সঞ্জয় চন্দ্ৰ দাস, সদানন্দ ৱাইবাৰ আৰু অৰ্জুন উপাধ্যায়ে ৷

কাইলৈ অসম গ্ৰন্থমেলা, হাফলঙৰ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাই ৷ সামৰণি সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, অভিধান প্ৰণেতা সুমন্ত চলিহা , বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়ো আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উত্তম বাথাৰীয়ে ৷

Leave A Reply