Breaking

অসম গ্ৰন্থমেলা শিলচৰৰ সফল সামৰণি…

0 28

অসম গ্ৰন্থমেলা, শিলচৰৰ সফল সামৰণি। যন্ত্ৰ আৱিষ্কাৰৰ বহু কাল পূৰ্বে ভাৰতবৰ্ষত গ্ৰন্থ ৰচনা হৈছিলঃড° অমলেন্দু ভট্টাচাৰ্য। গ্ৰন্থমেলা শিকন প্ৰক্ৰিয়াৰ এক অংগঃ ড° নিৰঞ্জন ৰায়। কিতাপ এখন হাতত লৈ পঢ়াৰ আনন্দ অনন্যঃ দীপায়ন চক্ৰৱৰ্তী। জ্ঞান অৰ্জনৰ বাবে গ্ৰন্থ অধ্যয়নৰ কোনো বিকল্প নাইঃ নোমল মাহাত্তা। এলানি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ, সাহিত্য-সাংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচী ৰূপায়ণৰ লগতে শীতৰ ঋতুত গ্ৰন্থৰ উমাল সুবাস বিয়পাই আজি সফল সামৰণি পৰিল অসম গ্ৰন্থমেলা, শিলচৰৰ ৷ যোৱা ১ ডিচেম্বৰৰ পৰা দহদিনীয়াকৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত পুলিচ পেৰেড গ্ৰাউণ্ডত যৌথভাৱে অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ আজি সামৰণী সভাৰ আয়োজন কৰা হয় ৷ ইয়াত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-গৱেষক, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অমলেন্দু ভট্টাচাৰ্যই ৷ তেওঁ ভাষণত কয়—“ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসমৰ গ্ৰন্থ আন্দোলনত নতুন গতি প্ৰদান কৰিছে ৷

বিজ্ঞান-প্ৰযুক্তিৰ উত্তৰণ ব্যাপক হ’লেও জ্ঞানাৰ্জনৰ বাবে গ্ৰন্থ অধ্যয়নেই উত্তম উপায় ৷ গ্ৰন্থ অবিহনে কোনো জাতিয়ে নিজৰ সভ্যতা-সংস্কৃতিৰ উত্তৰণ ঘটাব নোৱাৰে ৷ নতুন প্ৰজন্মই কিতাপৰ স’তে বন্ধুত্ব গঢ়ি তুলিলে আমাৰ ভৱিষ্যত সমাজখন সুন্দৰ হৈ থাকিব ৷ ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰে পৰা গ্ৰন্থ লেখা আৰু পঢ়াৰ সংস্কৃতি গঢ়ি উঠিছে ৷ লিখন যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ বহু কাল আগতে ভাৰতবৰ্ষত হাতেৰে বৃহৎ গ্ৰন্থ ৰচনা কৰা হৈছিল ৷ মহাকাব্যসমূহেই ইয়াৰ প্ৰমাণ ৷ ৰজা-মহাৰজাসকলে গ্ৰন্থ উপহাৰ দিয়াৰ পৰম্পৰা অসমতো আছিল ৷ বানভট্ট, ভাস্কৰ বৰ্মনৰ দিনতো অসমত গ্ৰন্থৰ ঐতিহ্য গঢ়ি উঠিছিল ৷” তেওঁ ঐতিহ্য বিষয়ক গ্ৰন্থ প্ৰনয়ণৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি কয় যে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত ভাষাৰ তফাৎ থাকিলেও সংস্কৃতি আৰু ঐতিহ্য একেই ৷ এইক্ষেত্ৰত তেওঁ গুৱাহাটীৰ উমানন্দ মন্দিৰ ,হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সৈতে থকা বৰাক উপত্যকাৰ আধ্যাত্মিক সম্পৰ্ক , অগ্নিগড়ৰ বানৰজা আৰু ঊষা-অনিৰুদ্ধৰ প্ৰচলিত কথাৰে থকা প্ৰাচীন বিশ্বাস তথা সম্পৰ্কৰ বিষয়ে দোহাৰে ৷ মানৱ সভ্যতাৰেই গতি গ্ৰন্থই নিৰ্ণয় কৰা বুলি সদৰী কৰি ড° ভট্টাচাৰ্যই সকলোকে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায় ৷ সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ড° নিৰঞ্জন ৰায়ে ৷ তেওঁ কয় যে আমাৰ সমাজত অধ্যয়ন সংস্কৃতি জাগ্ৰত কৰাৰ বাবে গ্ৰন্থমেলাৰ আয়োজন এক সুন্দৰ পদক্ষেপ ৷ জ্ঞান হৈছে মহাশক্তি ৷ এই মহাশক্তি আহৰণ কৰিব পাৰি গ্ৰন্থ অধ্যয়ন কৰি ৷ ভাৰতবৰ্ষত জ্ঞান চৰ্চাৰ পৰম্পৰা অতি প্ৰাচীন ৷ ভাৰতবৰ্ষৰ জ্ঞান চৰ্চা আৰু সধনাই সমগ্ৰ পৃথিৱীক আলোকিত কৰিছে ৷ এই পৰম্পৰা এতিয়াও অব্যাহত আছে ৷ তেওঁ প্ৰসংগক্ৰমে স্বামী বিবেকানন্দৰ উদ্ধৃতি দি কয় যে নৱ ভৰতে পৃথিৱী জয় কৰিব জ্ঞানৰ আধাৰত ৷ এই যাত্ৰা নিশ্চিতভাৱে অমৃত কালৰ যাত্ৰা ৷ এই ক্ষেত্ৰত তৰুণ প্ৰজন্মৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৷ গতিকে ইতিহাস, সংস্কৃতি, বিজ্ঞান— সকলো জ্ঞানৰ জৰিয়তে তৰুণ প্ৰজন্মক প্ৰস্তুত কৰিব লাগিব ৷ ইয়াৰ মূল আধাৰ হ’ব গ্ৰন্থ ৷ গ্ৰন্থমেলা শিকন প্ৰক্ৰিয়াৰ এক অংগ ৷ সেইবাবেই এনেদৰে অঞ্চলে অঞ্চলে গ্ৰন্থমেলাৰ আয়োজন অতি আদৰণীয় ৷ তেওঁ পুনৰ কয় যে ভাষা কেতিয়াও বিভেদৰ আধাৰ নহয় ৷ ভাষা হৈছে এক অভিব্যক্তি ৷ ভাষাই মানুহৰ মাজত ঐক্য-সম্প্ৰীতিৰ সেঁতু নিৰ্মাণ কৰে ৷সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে শিলচৰ সমষ্টিৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে ৷ তেওঁ ভাষণত কয় যে গ্ৰন্থমেলা এক সামূহিক আশাবাদৰ প্ৰতীক ৷ শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটো অতি আনন্দৰ কথা ৷ গ্ৰন্থমেলাৰ জৰিয়তে লেখক-পাঠক , শিক্ষক-শিক্ষাৰ্থী সকলো পক্ষকে উপকৃত কৰিছে ৷ কিতাপ হৈছে মানুহৰ পৰম বন্ধু ৷ কিতাপে মানুহৰ ব্যক্তিগত জীৱন আৰু সামাজ-জীৱনৰ সমস্যা সমাধানৰ বাট প্ৰশস্ত কৰে ৷ বৰ্তমান ইন্টাৰনেটৰ মাধ্যমত বহু জ্ঞান আহৰণ কৰিব পাৰি ৷ কিন্তু কিতাপ এখন হাতত লৈ পঢ়াৰ আনন্দ সুকীয়া আৰু অনন্য ৷ তেওঁ প্ৰতি বছৰে শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক ৷ আন এগৰাকী বিশিষ্ট অতথি, কবি-সমালোচক, কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে অসম গ্ৰন্থমেলা, শিলচৰলৈ কাছাৰ জিলাবাসীৰ সঁহাৰী অভূতপূৰ্ব ৷ ইয়াৰ ফলত এই বৃহত্তৰ অঞ্চলৰ বৌদ্ধিক সমাজৰ লগতে ছাত্ৰ-ছাত্ৰীসকল নিশ্চিতভাৱে উপকৃত হৈছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদৰ্শী সুচিন্তনৰ বাবেই এনেদৰে চৰকাৰীভাৱে গ্ৰন্থমেলাৰ আয়োজন সম্ভৱ হৈ উঠিছে ৷ তেওঁ লগতে কয় যে জ্ঞান অৰ্জনৰ বাবে গ্ৰন্থ অধ্যয়নৰ কোনো বিকল্প নাই ৷ তথ্য আহৰণ আৰু জ্ঞান আহৰণৰ মাজত পাৰ্থক্য আছে ৷ জ্ঞানে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে ৷ এই উত্তৰণত গ্ৰন্থৰ ভূমিকা সৰ্বোত্তম ৷সামৰণী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ কয় যে অসমীয়া মানুহে সুন্দৰকৈ বাংলা ভাষা বুজি পায় আৰু বৰাক উপত্যকাৰ বাঙালীসকলেও অসমীয়া ভাষা সুন্দৰকৈ বুজি পায় ৷

শিলচৰত অসম গ্ৰন্থমেলাৰ আয়োজনে দুয়োটা উপত্যকাৰ ভাষিক সম্প্ৰীতিৰ ক্ষেত্ৰত এক ইতিবাচক সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমতে বিভিন্ন জিলাৰ বিভিন্ন স্থানত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে ৷ ইয়াৰ ফলত ৰাজ্যখনত এক সুস্থ বৌদ্ধিক আৰু বিদ্যায়তনিক পৰিৱেশ গঢ়ি উঠিব বুলি মত প্ৰকাশ কৰিব পাৰি ৷শিলচৰত গ্ৰন্থ বিক্ৰীও ভাল হোৱা বুলি সদৰী কৰি গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰাৰ বাবে শিলচৰবাসীক ধন্যবাদ জ্ঞাপন কৰে সচিব কলিতাই ৷ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷সভাৰ আৰম্ভণিতে সৃজনী দেৱে এটি নৃত্য আৰোপিত সৰস্বতী বন্দনা পৰিৱেশন কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হয় ৷ ইপিনে গ্ৰন্থমেলাৰে সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা-বিতৰণিও অনুষ্ঠিত হয় আজি ৷ সাংস্কৃতিক সম্পাদক প্ৰবোধ দাসে জনোৱা ফলাফল অনুসৰি প্ৰথম গুৰুচৰণ কলেজ,দ্বিতীয় মহৰ্ষি বিদ্যামন্দিৰ,তৃতীয় ৰামানুজ বিদ্যামন্দিৰ আৰু চতুৰ্থ স্থান লাভ কৰিছে কাঁচামাটি বিদ্যামন্দিৰে ৷

Leave A Reply