Breaking

কবিতাৰ ছন্দৰে জীপাল অসম গ্ৰন্থমেলা, শিৱসাগৰ

0 50

গ্ৰন্থৰ সুবাস বিয়পাই উৎসাহ-উদ্দীপনাৰে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিৱসাগৰত প্ৰতিদিনে পৰিলক্ষিত হৈছে পঢ়ুৱৈৰ ভিৰ ৷ ইয়াৰ ঐতিহ্যমণ্ডিত ব’ৰ্ডিং খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ৷

ইয়াত শিক্ষাৰ্থীৰ উপস্থিতি উৎসাহজনক হোৱাটো শুভবাৰ্তা বুলি অভিহিত কৰিছে বিদ্বৎ সমাজে ৷ তদুপৰি প্ৰতিদিনে গ্ৰন্থমেলাৰ বাকৰিত আয়োজিত বিভিন্ন আলোচনা-সত্ৰই আকৰ্ষিত কৰিছে বৌদ্ধিক মহলক ৷ বুধবাৰে বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় এখনি কবি সন্মিলন ৷ কবি সন্মিলন উদ্বোধন কৰে বিশিষ্ট কবি-লেখক প্ৰেম গগৈয়ে ৷ উদ্বোধনী ভাষণত তেওঁ কয়—“বৰ্তমান পৃথিৱীৰ অন্যতম চৰ্চিত বিষয় কৃত্ৰিম বুদ্ধিমত্তা ৷ হয়তো এনে দিনো আহিব যে মানুহে আৰু চিন্তা কৰাৰ প্ৰয়োজন নাথাকিব ৷ তেতিয়া জানো কবিতা থাকিব ? সেয়ে কামনা কৰিম যেন এনে দিন কোনোদিনে নাহক যিয়ে কৃত্ৰিমতাৰ চৰম উত্তৰণ ঘটাই মানুহৰ হৃদয়ানুভূতি আৰু মগজুৰ চিন্তাস্ৰোত ৰুদ্ধ কৰিব পাৰে ৷” তেওঁ লগতে কয় যে কবিসকলে মনৰ দুৱাৰ খিৰিকী সদায় মুকলি কৰি ৰাখিব লাগিব ৷ তেতিয়াই নতুনত্বৰে কবিতা সমৃদ্ধ হ’ব ৷ ব্যক্তি জীৱন আৰু সমাজ-জীৱন এই দুয়োটা ক্ষেত্ৰৰ চেতনাৰে উৰ্বৰ হৈ থাকিলে অসমীয়া কাব্য ক্ষেত্ৰখনো জাতিস্কাৰ হৈ থাকিব সদায় ৷

ইয়াত সঞ্চালকৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-সমালোচক ৰাজীৱ বৰাই ৷ তেওঁ সঞ্চালকৰ বক্তব্যত কয়—“কবিতাৰ আধাৰ অনুভৱ হ’ব পাৰে কিন্তু সুনিৰ্মাণ হ’লে কবিতাই কাব্য সাহিত্যক সমৃদ্ধ কৰে ৷ ইয়াৰ বাবে গভীৰ অনুশীলন আৰু অধ্যয়নৰ প্ৰয়োজন আছে ৷ আজিকালি সমাজিক মাধ্যম কবিতাৰে ভৰি থাকে; কিন্তু কবিতাৰ উত্তৰণ কেনেধৰণৰ হৈছে এয়া বিচাৰ্যৰ বিষয় ৷ তদুপৰি কবিতা লিখা মানুহবোৰ কবি নে কবিয়ে কবিতা লিখে — এয়া চিন্তা কৰিবলগীয়া বিষয় ৷ যদি কবিতা আৰু পাঠকৰ মাজত কিবা পৃথকতা বা কেৰোণ আহি পৰিছে তেন্তে কবিসকলে এইক্ষেত্ৰত সচেতন হ’ব লাগিব ৷ সমালোচনা প্ৰশংসা অথবা নিন্দা পৰ্যায়ৰ হোৱা উচিত নহয় ৷ সমালোচনাই সাহিত্যৰ উত্তৰণ ঘটাব পাৰিলে ভাল ৷”

তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰে বিভিন্ন ক্ষেত্ৰত বহু কাম হ’ব পাৰে ৷ সেইবুলি কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ মগজু নিসৃত সৃষ্টিশীলতাৰ সেই স্তৰ পাব নোৱাৰে ৷ কবি সন্মিলনখনত কবিতা পাঠ কৰে গংগামোহন মিলি, হৰেন গগৈ, বিজয় ৰবিদাস, ভূপেন গগৈ, শোভেন হাজৰিকা, জয়ন্ত দত্ত, মানসী গগৈ, প্ৰাঞ্জল প্ৰতীম বড়া, পুঞ্জন বৰুৱা,মেঘালী হাজৰিকা কাকতি, কিশোৰ মনজিৎ বৰা, সত্যজিৎ নাথ, জয়জ্যোতি গগৈ, কৃষ্ণকায় মাঝিয়ে ৷

ইয়াৰ পাছত সন্ধিয়া ৫ বজাৰ পৰা প্ৰবোধ দাসৰ পৰিচালনাত অনুষ্ঠিত হয় মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা ৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা ,শিৱসাগৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক এখনকৈ উপহাৰ কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ এই কুপনৰ লটাৰীৰ জৰিয়তে গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানৰ দিনা সন্ধিয়া ৬ বজাত ১ লাখ টকাৰ নগদ পুৰস্কাৰ বিতৰণ কৰা হ’ব ৷

Leave A Reply