Breaking

হিন্দী ভাষাত গ্ৰন্থ : “অসম বুক অব ৰেকৰ্ডত” উজ্জ্বলিল কনমানি

0 45

এগৰাকী ছবছৰীয়া কনমানী । হিন্দী ভাষাত গ্ৰন্থ লিখি “অসম বুক অব ৰেকৰ্ডত” উজ্জ্বলিল কনমানি কুঁহি। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ একৰিট একাডেমীৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী কুঁহি চেতিয়াৰ নৱপ্ৰকাশিত “কুঁহি কী কাহানী” হিন্দী বিষয়ৰ নীতিশিক্ষামূলক গ্ৰন্থখনিৰ বাবে অসম বুক অব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। হিন্দী ভাষাৰ প্ৰাথমিক জ্ঞান আহৰণ কৰিয়েই লেখা-মেলা আৰম্ভ কৰা বিভিন্ন কাহিনী একগোট কৰি প্ৰস্তুত কৰি উলিওৱা “কুঁহি কী কাহানী” ক্ষুদ্ৰ গ্ৰন্থখন অচিৰেই পঢ়ুৱৈ সমাজে পঢ়িবলৈ পাব । কুঁহি প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনত মুঠ ১০ টা নীতিশিক্ষামূলক সাধুকথা প্ৰকাশ কৰা হৈছে এই গ্ৰন্থখনত।

নাৰায়ণপুৰৰ অশোক গাঁৱৰ সু-লেখক মুকুন্দ মুৰাৰী চেতিয়া আৰু বন্তি শইকীয়াৰ সুযোগ্য কন্যা কণমানি কুঁহি চেতিয়াই “অসম বুক অব ৰেকৰ্ড”ত নাম অন্তৰ্ভূক্ত হোৱা খবৰ লাভ কৰাৰ পিছতে শুভাকাংক্ষী সকলে অভিনন্দন জ্ঞাপন কৰাৰ লগতে কণমানি গৰাকীৰ উজ্বল ভৱিষ্যত কামনা কৰিছে।

Leave A Reply