Assam Cabinet । ৰাজ্যিক কেবিনেট বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই সকলো সিদ্ধান্ত সদৰি কৰে। অসমৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ লগতে শিল্পী **জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ লৈ কেবিনেটে এক বিশেষ সিদ্ধান্ত লৈছে।
কেবিনেটৰ মুখ্য সিদ্ধান্তসমূহ —
১️⃣ বান প্ৰতিৰোধৰ বাবে ২২০৫ কোটি টকাৰ প্ৰকল্প অনুমোদন
আছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সহায়ত ২২০৫ কোটি টকাৰ এক বৃহৎ বান প্ৰতিৰোধ প্ৰকল্প অনুমোদন কৰা হয়। এই প্রকল্পত ৭৬ কিলোমিটাৰ লম্বা বান প্ৰতিৰোধৰ দেৱাল নিৰ্মাণ, ৩৩ কিলোমিটাৰ মথাউৰি নিৰ্মাণ আৰু ১৭.৭২ কিলোমিটাৰ প্ৰ’ ছিলটেচন কাম কৰা হ’ব।
২️⃣ বসুন্ধৰা আঁচনিৰ সুৰক্ষিত মাটিৰ অধিকার মরাণ-মটকলৈও
গাঁও অঞ্চলৰ জনজাতীয় লোকক ৫০ বিঘালৈ মাটি প্ৰদানৰ ব্যৱস্থা আগতে আছিল। এতিয়া সেই সুবিধা মৰাণ আৰু মটক সম্প্ৰদায়ৰ লোকসকললৈও সম্প্রসাৰিত কৰা হ’ল।
৩️⃣ ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটী কমিচন পুনৰ গঠন
জিলাস্তৰীয় আৰক্ষী জবাবদিহিতা নিশ্চিত কৰিবলৈ ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটী কমিচনসমূহ পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয়, যাতে এই সংস্থাসমূহ অধিক সক্ৰিয়ভাৱে কাম কৰিব পাৰে।
৪️⃣ ভিলেজ ডিফেন্স সংগঠনৰ নিয়ম সংশোধন
ভিলেজ ডিফেন্স পাৰ্টি (VDP)-ৰ বয়সসীমা ২৫–৫০ বছৰৰ পৰা সলনি কৰি ২৫–৪০ বছৰ কৰা হৈছে। প্ৰয়োজন অনুসৰি নতুন ভিডিপি গঠন কৰাৰ ক্ষমতাও স্থানীয় প্ৰশাসনক প্ৰদান কৰা হ’ব।
৫️⃣ লাচিত মৈদাম মেম’ৰিয়েলৰ চূড়ান্ত পুঁজি ধাৰ্য
যোৰহাটত নিৰ্মাণ হৈ থকা লাচিত মৈদাম মেম’ৰিয়েল প্ৰকল্পৰ বাবে চূড়ান্ত পুঁজি ৰূপে ২৪৯ কোটি টকা ধাৰ্য কৰা হয়।
৬️⃣ বিটিচিৰ চিইএম আৰু ডেপুটি চিইএমক কেবিনেট মৰ্যাদা
বিটিচিৰ চিফ এক্সিকিউটিভ মেম্বাৰ (CEM) আৰু ডেপুটি চিইএমক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হ’ব। লগতে, বিটিচিৰ কাৰ্যবাহী সদস্যসকলেও ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব।
৭️⃣ ৰাস উত্সৱ কমিটীসমূহক এককালীন সাহায্য
ৰাজ্যজুৰি ২০৬৮খন ৰাস কমিটীক ২৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। মাজুলীৰ ৫৭খন ৰাস কমিটীক বিশেষভাৱে ৫০ হাজাৰ টকাকৈ সহযোগিতা দিয়া হ’ব।
৮️⃣ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস ৰাজ্যব্যাপী উদযাপন
৫ নৱেম্বৰ, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু দিৱস, ৰাজ্য চৰকাৰে বিশেষভাৱে পালন কৰিব। প্ৰতিখন জিলা সদৰত ৫ হাজাৰৰো অধিক লোক একত্ৰিত হৈ ‘মানুহে মানুহৰ বাবে’ গীত পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰে সমাধি সমন্বয় তীৰ্থত আনুষ্ঠানিকভাৱে মৃত্যু দিৱস পালন কৰিব।
৯️⃣ ‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰৰ জিএছটি কলাগুৰু ফাউণ্ডেশ্যনক
চিনেমাৰ টিকটত সংগ্ৰহ কৰা জিএছটিক লৈ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে — অসমত কোনো পৃথক আমোদ কৰ নাই। কেন্দ্ৰীয় চৰকাৰে ১০০ টকাতকৈ ওপৰৰ টিকটত ১৮% আৰু তলৰ টিকটত ৫% জিএছটি সংগ্ৰহ কৰে, যাৰ অর্ধাংশ ৰাজ্যলৈ ঘূৰি আহে।
কেবিনেটে সিদ্ধান্ত লৈছে যে, ‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰৰ পৰা সংগৃহীত জিএছটিৰ ৰাজ্যীয় অংশটো সম্পূৰ্ণৰূপে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনক প্ৰদান কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে কয়,
“শিল্পী জুবিন গাৰ্গ অসমৰ গৌৰৱ। তেওঁৰ অন্তিম ছবিৰ সৈতে জড়িত এই সন্মানজনক পদক্ষেপ আমাৰ পক্ষৰ পৰা তেওঁলৈ এক শ্রদ্ধাঞ্জলি।”

