মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত(Assam Cabinet) আজি অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত পঞ্চায়ত নিৰ্বাচনৰ পিছতে এতিয়া গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমূহ গঠনৰ বাবে দিন ধাৰ্য কৰা হয় । পঞ্চায়ত গঠন সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ অনুমোদন।
গাঁও পঞ্চায়তঃ- অহা ২১ জুনৰ পৰা ১০ জুলাই, ২০২৫ তাৰিখৰ ভিতৰত গঠন কৰা হ’ব ৷
আঞ্চলিক পঞ্চায়তঃ- অহা ১১ জুলাইৰ পৰা ২০ জুলাই তাৰিখৰ ভিতৰত গঠন কৰা হ’ব ৷
জিলা পৰিষদঃ- অহা ২১ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত গঠন কৰা হ’ব ৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তৰফৰ পৰা এই নিৰ্দেশনা জিলা আয়ুক্তসকললৈ প্ৰেৰণ কৰা হ’ব আৰু জিলা আয়ুক্তৰ নিৰ্দ্ধাৰিত এজন বিষয়াই সভা আহ্বান কৰি প্ৰথমতে শপত গ্ৰহণ কৰাব আৰু তাৰ পিছতে পোনপটীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰি সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত নতুন সভাপতি আৰু উপ-সভাপতি বাচনি কৰিব ৷
২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত গঠন হ’ব ২১৯২ খন গাঁও পঞ্চায়ত। ১১ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত গঠন হ’ব ১৮১ খন আঞ্চলিক পঞ্চায়ত। ২১ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত গঠন হ’ব ২৭ খন জিলা পৰিষদ। সংবাদমেলত এই কথা ঘোষণা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসৰ।