ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্ত — কম্পিউটাৰ শিক্ষকৰ বাবে আহিল ভাল খবৰ ! , ‘আমূল’ৰ নতুন প্ৰকল্প, গাঁও পঞ্চায়ত গঠন আৰু সুধাকণ্ঠৰ ওপজা দিনৰ বিশেষ আয়োজন । Assam Cabinet

Assam Cabinet । শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত অনাগত দিনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠক অন্তত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ডা০ ৰণোজ পেগুৱে অনুষ্ঠিত সংবাদমেলত এই সিদ্ধান্তসমূহ ৰাইজৰ সৈতে শ্বেয়াৰ কৰে।

কম্পিউটাৰ শিক্ষকৰ দৰমহা বৃদ্ধি
বৈঠকত লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, ৰাজ্যৰ ১,৩১১ গৰাকী কম্পিউটাৰ শিক্ষকৰ দৰমহা ২০ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। এইসকল শিক্ষকে ৬০ বছৰ বয়সলৈকে সেৱা আগবঢ়াব পাৰিব। লগতে তেওঁলোকে ‘আপোন ঘৰ আঁচনি’ৰ সুবিধাও লাভ কৰিব।

‘আমূল’ৰ নতুন প্ৰকল্প ৰাণীত স্থাপন
দুধ আৰু দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত স্বনামধন্য প্ৰতিষ্ঠান ‘আমূল’ৰ নতুন প্ৰকল্প স্থাপনৰ বাবে ৰাণীত ২০ বিঘা মাটি আৱণ্টনৰ সিদ্ধান্ত লোৱা হৈছে। এই প্ৰকল্পটোৰ বাবে ৭৫ কোটি টকা ব্যয় হ’ব।

নতুন হোটেল আৰু মেৰিয়েট হোটেলৰ অনুমোদন
মন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিয়া অনুসৰি, ৩৩৫.২৫ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী মহানগৰত এক নতুন হোটেল স্থাপন হ’ব। লগতে মেৰিয়েট হোটেল স্থাপনতো কেবিনেটৰ অনুমোদন লাভ কৰিছে।

পঞ্চায়ত গঠন সম্পৰ্কীয় সিদ্ধান্ত
ৰাজ্যৰ পঞ্চায়ত গঠন সন্দৰ্ভত আজিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি:

  • অহা ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত গঠন হ’ব ২,১৯২ খন গাঁও পঞ্চায়ত
  • ১১ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত গঠন হ’ব ১৮১ খন আঞ্চলিক পঞ্চায়ত
  • ২১ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত গঠন হ’ব ২৭ খন জিলা পৰিষদ

এই গঠনৰ বাবে জিলা আয়ুক্তই কৰ্তৃত্বশীল বিষয়া নিয়োগ কৰিব। গাঁও পঞ্চায়তৰ সভাপতি বাছনি কৰাৰ দায়িত্ব থাকিব ৱাৰ্ড সদস্যৰ ওপৰত।

সুধাকণ্ঠৰ ওপজা দিনৰ বিশেষ অনুষ্ঠান
৮ ছেপ্টেম্বৰত ড০ ভূপেন হাজৰিকাৰ ওপজা দিন উপলক্ষে এইবাৰ ৰাজ্য চৰকাৰে এক বিশাল পৰিসৰৰ অনুষ্ঠান আয়োজন কৰিব। এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তদুপৰি, ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ এক বিশেষ অধিৱেশন, য’ত সুধাকণ্ঠৰ জীৱন, দৰ্শন আৰু অৱদানৰ বিষয়ে আলোচনা কৰা হ’ব।

Related Articles