অসম কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিযুত মইনা’ আঁচনিৰ পৰা যুৱকক ১ লাখ টকাকৈ দিয়ালৈকে, কেবিনেট বৈঠকত আৰু কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত?লোকসভাৰ নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।


নৱেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এতিয়াৰ পৰা পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব।
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ক, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ পুনৰ নিৰ্ধাৰণ হ’ব।
ৰাজ্যত অক্টোবৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ’ব। ৰাজ্যত নতুনকৈ উন্নয়ন খণ্ডসমূহো পুনৰ নিৰ্ধাৰণ কৰা হ’ব।


আগষ্ট মাহত শেষ হ’ব পুনৰ নিৰ্ধাৰণৰ কাম। অক্টোবৰত তালিকা প্ৰকাশ পাব ভোটাৰ তালিকা।

১৫ আগষ্টত ‘নিযুত মইনা’ আঁচনিৰ শুভাৰম্ভ। ‘নিযুত মইনা’ আঁচনিক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰণোজ পেগুকলৈ কমিটী গঠন কৰা হৈছে।


‘নিযুত মইনা’ আঁচনিৰ মতে ছাত্ৰীক দিয়া হ’ব ১০ হাজাৰ টকা। ৭ দিনৰ ভিতৰত দুই মন্ত্ৰীয়ে দিব প্ৰতিবেদন।

অসম কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
১) ছোৱালী শিক্ষাৰ্থীৰ শিক্ষাৰ অধিকাৰ তথা বাল্য বিবাহক সমাজৰ পৰা নিৰ্মূলৰ এক পদক্ষেপ হিচাপে নিযুত মইনা আঁচনি ৰূপায়ণ৷
২) চাহ বাগিচা অঞ্চলত উন্নত সংযোগ ব্যৱস্থাৰ বাবে লাইন ৰোড নিৰ্মাণ, ৰাজ্যৰ বিদ্যালয়ৰ আন্ত:গাঁথনিৰ উন্নীতকৰণ৷
৩) বানপানীৰ সৈতে মোকাবিলা কৰাৰ ১০ বছৰীয়া ৰূপৰেখা আদি৷

Related Articles