Breaking

বাংলাদেশত উজলি উঠিল অসম সন্তান সত্ৰীয়া নৃত্যৰ গুৰু কুশল ডেকা…

0 1,133

দৰং জিলাৰ মঙ্গলদৈৰ কৰিম চকৰ যুৱক বাংলা দেশত উজলি উঠিল অসম সন্তান সত্ৰীয়া নৃত্যৰ বিষাৰদ তথা গুৰু কুশল ডেকা। যোৱা ১৩ মে’ত গুৰু কুশল ডেকাই বাংলা দেশৰ ধনশ্ৰী প্ৰেক্ষাগৃহ আৰু বোদা পাইলট গাৰ্লছ স্কুলত অনুষ্ঠিত হোৱা মুজিবৰ শতবৰ্ষ সোনালী জয়ন্তী শিশু কিশুৰ উৎসৱত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা উক্ত উৎসৱত সত্ৰীয়া নৃত্য আৰু বিহু নৃত্য প্ৰদৰ্শন কৰি বাংলা দেশৰ পৰা বিৰল সন্মান আৰু সম্বৰ্ধনা পাবলৈ সক্ষম হয় অসম সন্তান সত্ৰীয়া শিল্পী কুশল ডেকাই। উল্লেখ্য যে জীৱন জোৰা কষ্টৰ সংগ্ৰামী , বিষ্ণু ভক্ত সত্ৰীয়া নৃত্য শিল্পী গৰাকীয়ে অসম তথা ভাৰতৰ আন এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। এই গৰাকী শিল্পীৰ নৃত্যত মোহ গ’ল সাংবাদিক ,সাংসদ আৰু বাংলাদেশৰ জনসাধাৰণ। বাংলা দেশৰ প্ৰতিটো আগশাৰীৰ চেনেলট বাজি উঠিল কুশল ডেকাৰ নৃত্যৰ কলা কৌশল। উল্লেখ্য যে ডেকাক বাংলা দেশৰ উক্ত আন্তঃৰাষ্ট্ৰীয় উৎসৱত আমন্ত্ৰণ কৰিছিল বাংলা দেশৰ আগশাৰীৰ স্তম্ভ লেখক, নাট ৰচক, সাংস্কৃতিক সংগঠক ৰহিম আব্দুৰ ৰহিমে। উক্ত শতবৰ্ষৰ সোনালী জয়ন্তী আয়োজন কৰিছিল আয়োজক পঞ্চগঢ় বিদ্ৰোহী  শিশু কিশোৰ থিয়েটাৰ বাংলাদেশে।

এই গৰাকী সত্ৰীয়া নৃত্য শিল্পীৰ ঘৰ দৰং জিলাৰ মঙ্গলদৈ কৰিম চকত।কুশল ডেকা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সত্ৰীয়া নৃত্যৰ অসম সত্ৰ মহাসভাৰ যুৱ তীৰ্থৰ সাংস্কৃতিক সম্পাদক আৰু উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ ( EZCC) পঞ্জীয়ন ভুক্ত নৃত্য শিল্পী তথা মঙ্গলদৈ ত্ৰিনয়ন সত্ৰীয়া নৃত্য মহাবিদ্যালয়ৰ অধ্যক্ষ। ইতিমধ্যে ডেকাই নেপাল , বাংলাদেশতো সত্ৰীয়া নৃত্যৰ অনলাইন যোগে নৃত্যৰ শিক্ষা প্ৰদান কৰি আহিছে। ডেকাই ভাৰতৰ কেবাখনো ৰাজ্যৰ উপৰিও দেশৰ বাহিৰতো নৃত্য প্ৰদৰ্শন কৰি এৱাৰ্ড পাবলৈ সক্ষম হৈছে।

Leave A Reply