Breaking

বৰক্ষেত্ৰীৰ বামুনবড়ীত নামনি অসম ক্ৰিকেট একাডেমীৰ স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি ৷

0 49

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী খেলপথাৰত নামনি অসম ক্ৰিকেট একাডেমীৰ স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰটো আজি আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰে আৰিয়ান মটৰচৰ স্বত্বাধিকাৰী জিতু আহমেদে । স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰাৰ উদ্দেশ্যে বামুনবড়ী- মূলাঘাটা মিলন সংঘৰ সভাপতি পৰমুদ আলীৰ সভাপতিত্বত এখন সভাও অনুষ্ঠিত হয় ।

প্ৰশিক্ষণ কেন্দ্ৰটোৰ মুখ্য পৰিচালক তথা প্ৰশিক্ষক নবীন হাছানে উদ্দেশ্য ব্যাখ্যা কৰা  সভাখনৰ আঁত ধৰে বিশিষ্ট সমাজসেৱক ইউচুফ হুছেইন তালুকদাৰে । সভাখনত বামুনবড়ী গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক খলিবৰ ৰহমান, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক নাছিৰ হুছেইনে একাডেমীখনৰ উন্নয়ন সম্পৰ্কত ভাষণ প্ৰদান কৰে । প্ৰশিক্ষণ কেন্দ্ৰটোৰ উন্নয়নৰ স্বাৰ্থত আৰিয়ান মটৰচৰ তৰফৰ পৰা নগদ পাঁচ হাজাৰ টকা অনুদান দিয়াৰ উপৰিও আকিল জামানে  ক্ৰিকেট খেলৰ কিছু সামগ্ৰী অনুদান হিচাপে আগবঢ়ায় ।

ইয়াৰ উপৰিও কেইবাজনো শুভাকাংক্ষীয়ে বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়ায় বুলি জানিবলৈ দিয়ে প্ৰশিক্ষণ কেন্দ্ৰটোৰ মুখ্য পৰিচালক তথা প্ৰশিক্ষক নবীন হাছানে । সভাখনত অসম গণ পৰিষদৰ বৰক্ষেত্ৰী বিধান পৰিষদৰ সম্পাদক ৰহিম আলী, সমাজকৰ্মী তমিজুৰ ৰহমান,  জেহেৰুল ইছলামৰ উপৰিও কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

উল্লেখ্য যে বৰপেটা আৰু নলবাৰী জিলাৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতী তথা কিশোৰ-কিশোৰীসকলক ক্ৰিকেট খেলৰ এখন মঞ্চ দিয়াৰ উদ্দেশ্যেই  ২০১৬ চনৰ ২৮ জুলাইত স্থাপন কৰা হৈছিল নামনি অসম ক্ৰিকেট একাডেমীখন । বিগত দিনত অস্থায়ীভাৱে চলি আছিল প্ৰশিক্ষণ কেন্দ্ৰটো । স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰটোৰ বাবে প্ৰশিক্ষণৰ উপযোগীকৈ পকী পিটচ নিৰ্মাণ কৰা হৈছে । অসমৰ আগশাৰীৰ কেইবাগৰাকীও ক্ৰিকেট খেলৰ প্ৰশিক্ষকে প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।

Leave A Reply