Breaking

অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ ৰুপে দায়িত্ব গ্ৰহণ ঋতুপৰ্ণ বৰুৱাৰ

0 2,065

‘অসম আমাৰ ৰুপহী, গুণৰো নাই শেষ ‘– অসম সমগ্ৰ বিশ্বৰ বাবে পৰ্যটনৰ কেন্দ্ৰস্বৰুপ । ৰাজ্যখনত নিহিত হৈ আছে অপাৰ সম্ভাৱনা । অপৰুপ প্ৰাকৃতিক সৌন্দৰ্য , চহকী জৈৱ বৈচিত্ৰৰে ভৰপুৰ পৰ্যটনৰ দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে বৃহস্পতিবাৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে ঋতুপৰ্ণ বৰুৱাই । বৃহস্পতিবাৰে মহানগৰীৰ পল্টনবজাৰস্থিত অসম পৰ্যটন উন্নয়ন নিগমৰ মুখ্যকাৰ্যলয় মাংগলিক কাৰ্যসুচীৰে বিভাগটোৰ দায়িত্ব গ্ৰহণ কৰে ঋতুপৰ্ণ বৰুৱাই । অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মীৰ লগতে বহু বিশিষ্ট ব্যক্তি ।


অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ সঠিক অন্বেষণ কৰি পৰ্যটনৰ উন্নয়নৰ বাবে যাবতীয় পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্য আগত ৰাখি দায়িত্ব গ্ৰহণ কৰি অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই সকলোস্তৰৰ লোকৰ সহায় সহযোগীতা কামনা কৰে ।

Leave A Reply