ডিজিটেল ডেস্কঃ Assam Direct Recruitment Examination (ADRE) লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে। তেওঁ ঘোষণা কৰে যে, চলিত বৰ্ষ ২০২৫ৰ নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত পুনৰ এবাৰ ADREৰ বিজ্ঞাপন প্ৰকাশ কৰা হ’ব। এই বিজ্ঞাপন অনুসৰি অহা বছৰেই অনুষ্ঠিত হ’ব নতুন ADRE পৰীক্ষা।
মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাতত আয়োজিত এখন কাৰ্যসূচীত অংশ লৈ এই ঘোষণা কৰে। তেওঁ লগতে জানিবলৈ দিয়ে যে, পূৰ্বৰ অনুষ্ঠিত ADREৰ অধীনত যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেইটো অহা ১০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰায় ৫০ হাজাৰ নিবনুৱা যুবক-যুৱতীয়ে নিযুক্তিপত্ৰ লাভ কৰিব। বিগত বৰ্ষত অনুষ্ঠিত এই নিযুক্তি পৰীক্ষা অসম চৰকাৰৰ ইতিহাসত অন্যতম ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া হিচাপে বিবেচিত হৈছে।
তেওঁ এই সংবাদমেলত লগতে উল্লেখ কৰে যে, এতিয়া প্ৰতিবছৰে Assam Direct Recruitment Examination অনুষ্ঠিত কৰা হ’ব, যাতে যোগ্য নিবনুৱা সকলে চৰকাৰী চাকৰিৰ সুযোগ লাভ কৰিব পাৰে।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ পৌৰ কৰ্মচাৰী নিয়োগ আৰু চাকৰি নিয়মীয়াকৰণ সম্পৰ্কে বক্তব্য আগবঢ়াই কয় যে, ২০১৩ চনৰ পূৰ্বে নিযুক্ত হোৱা পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা হ’ব। এই দায়িত্ব সংশ্লিষ্ট পৌৰসভাই ল’ব লাগিব। এই সিদ্ধান্তৰ জৰিয়তে বহু অস্হায়ী কৰ্মচাৰীয়ে নিয়মীয়া হোৱাৰ আশ্বাস লাভ কৰিছে।
মুখ্যমন্ত্ৰীৰ এই ঘোষণা সমূহে ৰাজ্যৰ নিযুক্তি প্ৰত্যাশী আৰু পৌৰ কৰ্মচাৰীসকলৰ মাজত এক নতুন আশা আৰু উদ্দীপনা সৃষ্টি কৰিছে।