গুৱাহাটী, ৭ মাৰ্চ: অসম চৰকাৰৰ অধীনত অনুষ্ঠিত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) ২০২৫ৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে।ADREৰ তৃতীয় শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে slrcg3.sebaonline.org আৰু assam.gov.in ত লগতে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা দিয়া প্ৰাৰ্থীসকলে slrcg4.sebaonline.org আৰু assam.gov.inত ফলাফল লাভ কৰিব পাৰিব।
প্ৰাৰ্থীসকলে নিজ নিজ ফলাফল ডাউনলোড কৰিবলৈ নিম্নলিখিত পদক্ষেপ অনুসৰণ কৰিব লাগিব—
✅ নিজ অনুৰূপ ৱেবছাইটত প্ৰৱেশ কৰক।
✅ ADRE Grade 3 বা Grade 4ৰ ফলাফল লিংকত ক্লিক কৰক।
✅ লগইনৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰৱিষ্ট কৰি দাখিল কৰক।
✅ ফলাফল স্ক্ৰিনত প্ৰদৰ্শিত হ’ব, যাক ডাউনলোড কৰি প্ৰিন্ট কৰি ৰাখিব পাৰে।
উল্লেখ্য যে, ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। ছেপ্টেম্বৰ মাহৰ ১৫ আৰু ২৯ তাৰিখে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ স্নাতক আৰু দশম শ্ৰেণীৰ পৰ্যায়ৰ পৰীক্ষা, লগতে চতুৰ্থ বৰ্গৰ পেপাৰ-১ (HSLC) আৰু পেপাৰ-২ (অষ্টম শ্ৰেণীলৈকে)ৰ পৰীক্ষা অনুষ্ঠিত হয় ২৭ অক্টোবৰত।
এই পৰীক্ষাত উত্তীৰ্ণসকলে নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক দক্ষতা পৰীক্ষণ (Skill Test) তথা মৌখিক পৰীক্ষাৰ বাবে বাচনি কৰা হ’ব, যিটো তথ্য-পাতি পৰীক্ষণৰ দ্বাৰা সম্পন্ন কৰা হ’ব।
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) ২০২৫ৰ অধীনত মুঠ ১২,৬০০ টা গ্ৰেড ৩ আৰু গ্ৰেড ৪ পদত নিযুক্তি দিয়া হ’ব। য’ত তৃতীয় শ্ৰেণীৰ বিভিন্ন শাখাত প্ৰায় ১৮.৫০ লাখ আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ১৩.৭০ লাখ পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল। এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
লিখিত পৰীক্ষাৰ পিছত, উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব, যাৰ পিছত চূড়ান্তভাবে নিযুক্তি প্ৰদান কৰা হ’ব।

