Breaking

অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে শুভাৰম্ভনি কৰিলে প্ৰধানমন্ত্ৰী পোষণ অভিযান আঁচনিৰ বিশেষ কাৰ্যসূচী…

0 129

চাহ বাগিছা অধ্যুষিত অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা মধ্যাহ্ন ভোজনত প্ৰতি সপ্তাহৰ সোমবাৰ , বুধবাৰ আৰু শুক্ৰবাৰে খাবলৈ পাব কণী

প্ৰধান মন্ত্ৰী পোষণ অভিযান আঁচনিৰ অধীনত ইতিমধ্যে অসমৰ বিদ্যালয় সমূহত চলি থকা মধ্যাহ্ন ভোজনৰ আহাৰত নতুনকৈ সংযোজন হ’ল এক বিশেষ ব্যৱস্থা । অসমৰ চাহ বাগিচা অধ্যুষিত অঞ্চলৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ আহাৰত প্ৰতি সপ্তাহৰ সোমবাৰ , বুধবাৰ আৰু শুক্ৰবাৰে খাবলৈ পাব কণী ।

১৮ চেপ্টেম্বৰত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিগাৰুৰ বামুনখাটস্থিত আমচং চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডা : ৰণোজ পেগুৱে এই বিশেষ পদক্ষেপৰ শুভাৰম্ভণি কৰে । মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মধ্যাহ্ন ভোজনৰ আহাৰ বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভণি কৰাৰ লগতে একেলগে বহি আহাৰ গ্ৰহণো কৰে । তেখেতৰ উপস্থিত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সমন্বিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উৎফুল্লিত হৈ পৰে ।

অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি মন্ত্ৰীগৰাকীৰ লগতে অনুষ্ঠানত উপস্থিত থকা মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই আৰু কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰী সমন্বিতে আটায়ে বিদ্যালয় চৌহদত কেইবাটাও মূল্যবান গছপুলি ৰোপণ কৰে । শিক্ষা মন্ত্ৰী গৰাকীয়ে বিদ্যালয়ত নিৰ্মিয়মান হৈ থকা অতিৰিক্ত শ্ৰেণীকোঠা , গৱেষণাগাৰ আৰু মধ্যাহ্ন ভোজন ৰন্ধণ কক্ষ আদি পৰিদৰ্শন কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী -অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে বিদ্যালয়ৰ সুবিধা-অসুবিধা সন্দৰ্ভত মত বিনিময় কৰে । অনুষ্ঠানত ডিমৰীয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়াৰ সৈতে খণ্ড সমল ব্যক্তি আৰু কেইবা গৰাকীও সমল কেন্দ্ৰ সমন্বয়ক উপস্থিত থাকে ।

Leave A Reply