Breaking

চৰকাৰলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাহায্য:ক’ভিড টিকাকৰণ অভিযানৰ বাবে আগবঢ়ালে ৰাজ্যিক কৰ্মচাৰীৰ এদিনৰ মূল দৰমহা

0 2,064

মহামাৰী কৰ’নাই সৃষ্টি কৰা সংকটময় পৰিস্থিতিত নৱগঠিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সাহায্য বিচাৰি জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ হেতু ৰাজ্যত ক’ভিড-১৯ টিকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহন কৰা ভূমিকাত হাত উজান দি সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সকলো পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীক ৰেহাই দি আন প্ৰতিটো বিভাগৰ প্ৰতি গৰাকী শিক্ষক আৰু বিষয়া-কৰ্মচাৰীৰ এদিনৰ মূল দৰমহাৰ চৰকাৰলৈ সাহায্য হিচাপে আগবঢ়াইছে ৷ পৰিষদৰ এই সিদ্ধান্তক ইতিমধ্যে জিলা কৰ্মচাৰী পৰিষদ আৰু বহুকেইটা শিক্ষক, কৰ্মচাৰী সংগঠনে সমৰ্থন জনাইছে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে কয় যে–কৰ’নাৰ দ্বিতীয়টো লহৰে ৰাজ্যত জটিল ৰূপ লোৱাত সাধাৰণ জনতাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু বিষয়া-কৰ্মচাৰীয়ে অকাল মৃত্যুক সাৱটি লৈছে ৷এনে পৰিস্থিতিত চৰকাৰে ক’ভিড আক্ৰান্তৰ চিকিৎসাৰ বাবে অতি তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিছে ৷ সেয়ে ৰাজ্যৰ প্ৰতি গৰাকী নাগৰিকক ক’ভিড-১৯ টিকাকৰণৰ দুটাকৈ পালি অনতিপলমে বিনামূলীয়াকৈ দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰি সকলোৰে জীৱন সুৰক্ষিত কৰিবলৈ সংগঠনটোৰ নেতাদ্বয়ে চৰকাৰলৈ আহ্বান জনাইছে ৷ তদুপৰি ১৮ ৰ পৰা ৪৫ বছৰ অনুৰ্ধ্বৰ লোকে অনলাইন পঞ্জীয়ন ব্যৱস্থাৰে টিকাকৰণ কৰিবলৈ দুৰণিবটীয়া স্থানলৈ যাবলগীয়া হোৱাত অত্যাধিক খৰস্বান্ত হৈছে আৰু নিম্ন আয়ৰ লোকৰ বাবে ই অসম্ভৱ হৈ পৰিছে বুলি উল্লেখ কৰি নিজ স্থানৰ ওচৰে-পাঁজৰে টিকাকৰণ উপলব্ধ কৰাৰ বাবে চৰকাৰলৈ নেতাদ্বয়ে লগতে বিবৃতিটোৰ জৰিয়তে আহ্বান জনাইছে ৷

Leave A Reply