Assam Flood: বানপানীৰ কবলত বৃহত্তৰ গেলেকী অঞ্চল

ডিজিটেল ডেস্কঃ Assam Flood অসম–নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত যোৱা দুদিন ধৰি হোৱা অবিৰত বৰষুণৰ ফলত বৃহত্তৰ গেলেকী অঞ্চলত ভয়াৱহ বানপানী সৃষ্টি হৈছে। নগা পাহাৰৰ পৰা প্ৰবাহিত নামদাং, দিচৈ, দৈখনা, ডেন্সি আদি উপ-নদী সমূহৰ লগতে জান-জুৰি পানীয়ে উপচি পৰাৰ ফলত সীমান্তৰ মৰণ গাঁও, কছাৰী, ন-মাটি বনুৱা, তল মৰণ গাঁও, নৱ-মাটি কাটনীপাৰ, ওপৰ চুক, চৰাইসজীয়া আদি গাঁওসমূহ বানপানীৰ কৱলত পৰিছে।

স্থানীয় বাসিন্দাসকলৰ অভিযোগ অনুসৰি, নগা পাহাৰত অনিয়ন্ত্ৰিত আৰু অবাধ কয়লা খননৰ ফলত পাহাৰৰ মাটি উপনদীসমূহত পৰি জলপৃষ্ঠৰ গভীৰতা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। ফলস্বৰূপে, এজাক বৰষুণতে উপনদীসমূহ উপচি বানপানীৰ সৃষ্টি কৰি তোলে।

সম্প্ৰতি বানৰ পৰিস্থিতি অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও বান নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰী বিভাগ, স্থানীয় প্ৰশাসন বা সম্পৰ্কীয় কোনো সংস্থাই কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

Related Articles