Assam Flood: ৰাজ্যত অপৰিৱৰ্তিত বানপৰিস্থিতি, ৭৬৪খন গাঁও পানীৰ তলত

ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বানপৰিস্থিতি৷ (Assam Flood) সোমবাৰৰ দিনটোত ৰাজ্যৰ ৭৬৪খন গাঁও পানীৰ তলতেই আছে৷ বহু ঠাইত বাঢ়নী পানীয়ে ছিঙিছে পথ, ভাঙিছে মথাউৰি ৷ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ ঘৰ-বাৰী এৰি বন্যাৰ্তই আশ্ৰয় ল’ব লগা হৈছে ওখ স্থান আৰু মথাউৰিত৷ ধেমাজি, শ্ৰীভূমি, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়, নগাঁও, কামৰূপ, বিশ্বনাথ, তিনিচুকীয়া, হোজাই, শিৱসাগৰকে আদি কৰি কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ৷ আনহাতে, বন্যাৰ্তৰ আশ্ৰয়ৰ বাবে মুকলি কৰা হৈছে আশ্ৰয় শিবিৰ৷ বানৰ তাণ্ডৱৰ লগতে কেইবাটাও স্থানত খহনীয়া আৰু ভূমি…লনৰ ঘটনাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ কাছাৰত বানপৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে দুদিনৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে ৷ কিবিটুত ১৭০ মিলিমিটাৰ, হায়ুলিয়াঙত ১৫০ মিঃমিঃ, কলেকটাঙত ১০০ মিঃমিঃকে ধৰি সমগ্ৰ অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত নামনি অংশৰ নদীৰ স্তৰ তীব্ৰগতিত বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, সম্প্ৰতি ৰাজ্যৰ ১৯খন জিলাৰ ৭৬৪খন গাঁও বানৰ কবলত পৰিছে৷ বানৰ ফলত প্ৰভাৱিত হৈছে ৩ লাখ ৬৪ হাজাৰ ৪৬জন লোক৷ বানৰ কবলত পৰিছে ৩,৫২৪ হেক্টৰ শস্যভূমি৷ বান প্ৰভাৱিত জিলাকেইখন হৈছে লখিমপুৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ, ধেমাজি, নগাঁও, শ্ৰীভূমি, দৰং, কাৰ্বি আংলং, শোণিতপুৰ, ডিমা হাছাও, বিশ্বনাথ, কাছাৰ, শিৱসাগৰ, মাজুলী, গোলাঘাট, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং ৷

শ্ৰীভূমি জিলাত সৰ্বাধিক ১৪৮খন গাঁও বানৰ কবলত পৰিছে৷ কাছাৰ জিলাৰ ৮৯খন গাঁও, নগাঁও জিলাৰ ৯৩খন গাঁও আৰু লখিমপুৰ জিলাৰ ১০১খন গাঁও বানৰ কবলত পৰিছে৷ কাছাৰ জিলাত তিনিটা, হাইলাকান্দিত দুটা আৰু ডিমা হাছাও, শ্ৰীভূমিত ক্ৰমে এটাকৈ ভূমিস্খলনতৰ ঘটনা সংঘটিত হৈছে ৷ ভূমিস্খলনত কাছাৰ জিলাত পাঁচখন গাঁও, ডিমা হাছাওত দুখন, হাইলাকান্দিত দুখন আৰু শ্ৰীভূমিত পাঁচখন মুঠ ১৪খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ৷ ভূমিস্খলনত জিলাকেইখনৰ ১২৭গৰাকী পুৰুষ, ৯১গৰাকী মহিলা আৰু ১০০গৰাকী শিশুসহ মুঠ ৩১৮গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে, বানত শ্ৰীভূমি আৰু কাছাৰত এজনকৈ মুঠ দুজনে প্ৰাণ হেৰুৱাইছে৷ কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, ডিব্ৰুগড় আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰ, নুমলীগড়ত ধনশিৰি, কামপুৰত কপিলী, মাটিজুৰিত কটাখাল, বি পি ঘাটত বৰাক আৰু শ্ৰীভূমিত কুশিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে৷ অহা তিনি জুনলৈ ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷ এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ গুৱাহাটীত আগন্তুক ২৪ ঘণ্টাত বিভিন্ন ঠাইত মজলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হ’ব৷ অহা ৬ জুনলৈ গুৱাহাটীত বতৰ ডাৱৰীয়া হৈ থাকিব ৷ ইয়াৰ উপৰি ৭ আৰু ৮ জুনত গুৱাহাটীত প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷

Related Articles