ডিজিটেল ডেস্ক, ২৫ জুন: Assam Flood 2025 । যোৱা কেইদিনমান ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত কাকজান নদীৰ জলপৃষ্ঠত ব্যাপক বৃদ্ধি ঘটিছে। ফলস্বৰূপে নদীখনৰ ৰিং বান্ধ কেইবাঠাইত ভাঙি পৰাৰ ফলত বনগাঁও, ঢাৰিগাঁও, কমাৰখাটোৱাল, দেৱান গাঁও আদি কেইবাখনো গাঁও সম্পূৰ্ণৰূপে বানত ডুব গৈছে।
দুটা স্থানত নদীৰ মথাউৰি ভাঙি পৰা ঘটনাই সমগ্ৰ অঞ্চলখন জলমগ্ন কৰি তুলিছে। ঘৰৰ ভিতৰত পানী সোমাই পৰাৰ ফলত বহু পৰিয়াল গৃহহীন হ’বলগীয়া হৈছে। বিশেষকৈ বানৰ প্ৰভাৱত সমগ্ৰ অঞ্চলটোৰ শালি খেতিৰ কঠীয়া একেবাৰে ধ্বংস হৈ পৰিছে।
এই সমস্যা নতুন নহয় — কাকজান নদীৰ বান সমস্যা বছৰৰ পিছত বছৰ পুনৰাবৃত্ত হৈ আহিছে, কিন্তু তেনেও চৰকাৰী পক্ষ আৰু পঞ্চায়তৰ দিশৰ পৰা যথেষ্ট গুৰুত্ব দিয়া হোৱা দেখা নাযায়। পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধি সকলে ৰিং বান্ধৰ বাবে লাখ লাখ টকাৰ আঁচনি লৈছিল যদিও, অধিকাংশ কাম কাগজত সীমাবদ্ধ হৈ পৰে। ৰিং বান্ধৰ একো অংশেই শক্তিশালী ৰূপত টিকি থাকিব পৰা নাই। ফলত বৰষুণ পৰিলেই নদীৰ দুয়ো কাষৰ গাঁওসমূহ বিপদত পৰে।
ইয়াৰ উপৰিও, মথাউৰি ভঙাৰ ফলত বাসগৃহ সমূহতো পানী সোমোৱাৰ ফলত পশু ধনৰ সমস্যাকে ধৰি অন্যান্য সমস্যা সমূহে আৱৰি ধৰা দেখা গৈছে। বিশেষ উদ্বেগৰ বিষয় হ’ল যে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো ইতিমধ্যে পানীত ডুব যোৱা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যে, কাকজান নদীৰ পিছৰ অংশটো খান্দি বহল কৰি নেপেলাই অনাগত দিনত বানপানীৰ সমস্যা দূৰ নহব। পানীৰ স্ৰোত যদি এনেদৰেই অব্যাহত থাকে, নিশালৈ অধিক সংখ্যক অঞ্চল জলমগ্ন হ’ব বুলি অনুমান কৰা হৈছে।