Assam floods । উজনিৰ বানঃ তিনিখন জিলাত ২৮,৪১৮ পশুধনৰ চিকিৎসা, ৭২৫টাৰ মৃত্যু — মন্ত্ৰী নীলিমা দেৱী
উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত হোৱা প্ৰলয়ংকাৰী বানৰ ফলত ব্যাপক ক্ষতিগ্ৰস্ত হৈছে পশুধন। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশুপালন, পশুচিকিৎসা আৰু মীন বিভাগৰ কেবিনেট মন্ত্ৰী নীলিমা দেৱীয়ে কয় যে, তিনিখন জিলাৰ ১,৮৬৫খন গাঁৱৰ প্ৰায় ২৮,৪১৮টা পশুধন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, বৰ্তমানলৈকে বানৰ ফলত ৭২৫টা পশুধনৰ মৃত্যু হোৱা বুলি তথ্য লাভ কৰা হৈছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ আয়ুক্তসকলক প্ৰয়োজনীয় আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।
তেওঁ কয় যে, বানাক্ৰান্ত অঞ্চলসমূহত পশুখাদ্যৰ যোগান অব্যাহত ৰখা হৈছে। যদিও কিছুমান ভিতৰুৱা গাঁৱলৈ পশুখাদ্য পোৱাত সামান্য পলম হৈছে, সেই সমস্যাও অতি সোনকালে সমাধান কৰাৰ বাবে সংশ্লিষ্ট জিলা আয়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে।
বৃহস্পতিবাৰে মঙলদৈত ৰাজ্যিক বাজেট সন্দৰ্ভত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী নীলিমা দেৱীয়ে এই মন্তব্য কৰে।
উক্ত সংবাদমেলত মন্ত্ৰী নীলিমা দেৱীৰ সৈতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকাও উপস্থিত আছিল।

