সংহাৰী বানৰ তাণ্ডৱে আকৌ দহিছে অসমৰ সৰ্বত্ৰ।(Assam Floods 2025) উজনি-নামনি সকলোতে এতিয়া পানী আৰু পানী। বছৰি আহে বান। কিন্তু সমাধানহে নাই বান প্ৰতিৰোধৰ । বানপানী আহিলেই অসমৰ উন্নয়নৰ প্ৰকৃত ছবিখন ওলাই পৰে। চৰকাৰে সদায়ে চিঞৰি থকা ‘বিকাশ’ৰ শ্ল’গান যেন উটি গ’ল বছৰৰ প্ৰথমটো বানতে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অবৰ্ণনীয় পৰিৱেশ। যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে উজনিৰ পৰা নামনিলৈ শ শ গাঁও। প্ৰলয়ংকৰী বানত এতিয়া কক্বকাই আছে হাজাৰ হাজাৰ লোক। তেওঁলোকৰ আপোন ঘৰখন এৰি এতিয়া বাস কৰিবলগীয়া হৈছে আশ্ৰয় শিবিৰত। বানত উটি গৈছে ঘৰৰ মূল্যৱান সামগ্ৰীকে ধৰি বিভিন্ন পশুধন। ইয়াতকৈয়ো ডাঙৰ কথাটো হৈছে এই প্ৰথমটো বানতে শিশুসহ কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ইয়াৰ পিছতো ৰজাঘৰীয়াৰ মুখত আখৈ ফুটাদি ফুটি থকা উন্নয়নৰ শ্ল’গানে যেন আকৌ এবাৰ তাচ্ছিল্যহে কৰিলে অসমৰ ৰাইজক।

অত বছৰে অসমৰ বানপানীৰ সমস্যাটো ‘ৰাষ্ট্ৰীয় সমস্যা’ হিচাপে ঘোষণা কৰি তাৰ সু-ফল ভোগ কৰাবলৈ সক্ষম নহ’ল ৰাজ্য চৰকাৰ। আকৌ তেওঁলোকে নিজাববীয়াকৈ সমস্যাৰো সমাধাৰ উপায় নুলিয়ায়। কিয় জানো অসমৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ ক্ষেত্ৰত গুৰুত্বসহকাৰে নলয় সেয়াহে এতিয়া বান আক্ৰান্ত ৰাইজে ভাবিবলৈ বাধ্য হৈছে। হয়তো ইয়াতো ৰাজনীতি। আমি ভাবো বানত সৰ্বস্বান্ত হৈ সকলো হেৰুওৱা ৰাইজৰ বানপানীৰ সময়ত গৈ আক্ৰান্ত ৰাইজক অলপ সাহায্য দিলেই আৰু কেইটামান আভুৱা-ভাঁৰা কথা ক’লেই বান সমস্যা সমাধান নহয়। কাৰণ আমি প্ৰতিটো বানৰ সময়তে সেই ছবিখনকেই দেখিবলৈ পাই আহিছো ইমান দিনে। কিন্তু সমস্যা সদায় সমস্যা হৈছে থাকি যায়। বছৰে বছৰে বানত কক্বকায়েই আছে জনসাধাৰণ। অতি দুখ লগা কথা যে কিছুমান প্ৰলোভন, সাহায্যৰ টোপোলা হাতত লৈ নেতা-পালিনেতা, মন্ত্ৰী-বিধায়কসকল দুৰ্যোগৰ এই সময়খিনিত গৈ কিন্তু ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ কেতিয়াও নাপাহৰে।
এতিয়াতো হিতাধিকাৰীৰ ৰাজনীতি। আঁচনিৰ বৰষুণত আমাৰ খাটিখোৱা ৰাইজ এতিয়া তিতি-বুৰি জুৰুলি-জুপুৰি। গতিকে আকৌ কেইটামান আঁচনি উলিয়াই দিলেই বানত জুৰুলা হোৱাৰ দুখ থিতাতে পাহৰি যাব ৰাইজে। আকৌ তেওঁলোকেইতো ৰজা পাতিব। গতিকে সেইসকল লোকে ভালকৈয়ে জানে ক’ত-কেতিয়া-কেনেকৈ ৰাজনীতি কৰিব লাগে। দুৰ্দশাগ্ৰস্ত ৰাইজৰ ওচৰলৈ গৈ বিৰোধীক তুচ্ছ-তাচ্ছিল্য কৰি সৰ্ব দোষ বিৰোধীক জাপি দিলেই লেঠা শেষ। এইবোৰ কৰি থাকোতেই বানৰ বিভীষিকাও কমে আৰু ৰাইজেও পাহৰে বানত সৰ্বস্বান্ত হোৱাৰ দুখ। আকৌ আৰম্ভ হয় আঁচনিৰ পিছত নিগনি দৌৰৰ প্ৰতিযোগিতা। গতিকে মূল সমস্যা সমস্যা হৈয়ে থাকি যায়। আৰু এনেকৈয়ে থাকি যায় সমস্যাবোৰ। একাংশৰ বাবে অৱশ্যে এনে ধৰণৰ সমস্যাবোৰ থাকিলে যেন সুবিধাহে হয়। তেওঁলোকৰ বাবে এই সমস্যাবোৰ হৈ পৰে সোণৰ কণী পৰা হাঁহ। নহ’লেনো আজিও জীয়াই থাকেনে অসমৰ এই ভয়াৱহ বান সমস্যা। বানৰ তাণ্ডৱত বছৰি বহু লোকৰ মৃত্যু হোৱাৰ লগতে সকলো সা-সম্পত্তি হেৰুওৱাৰ পিছতো সমস্যাৰ স্থায়ী সমাধানৰ উপায় নোলায়। বানপানীক লৈ ৰাজনীতি বহুত হ’ল। এতিয়া আমাক সমাধান লাগে। চৰকাৰে ৰাজনীতিৰ ঊৰ্ধবলৈ গৈ অন্ততঃ এবাৰ ভাবক বানে সৰ্বস্বান্ত কৰা জনতাৰ মনৰ বেদনা, উপলব্ধি কৰিবলৈ চেষ্টা কৰক সকলো হেৰুৱাই বুকুত ভুকুৱাই ভুকুৱাই কন্দা সেই সাধাৰণ জনতাৰ দুখৰ গাথা।
ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে এইবাৰৰ প্ৰথমটো বানতে ডুব গ’ল ‘স্মাৰ্ট’ গুৱাহাটী। নেৰানেপেৰাকৈ দুদিন ধৰি দিয়া মুখলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰ গুচি হৈ পৰিল মহাসাগৰ। পূৰ্বতে কোনো চৰকাৰে কৰিবলৈ সক্ষম নোহোৱাৰ পিছত মাত্ৰ চাৰিটা বছৰতে অভূতপূৰ্ব বিকাশ হোৱা বুলি সততে কৈ থকা চৰকাৰৰ এই সময়খিনিতে যেন উটি গ’ল সমষ্ট বিকাশ। মহানগৰবাসীয়ে সহিবলগীয়া হৈছে এতিয়া বিকাশৰ যন্ত্ৰণা। খানাপাৰাৰ পৰা আৰম্ভ কৰি ছয়মাইল, পাঞ্জাবাৰী, ৰুক্মীণীগাঁও, জু-ৰোড, নুনমাটি, চানমাৰি, নবীন নগৰ, মানপাৰা আদি গুৱাহাটীৰ সৰ্বত্ৰ ডুব গৈছে কৃত্ৰিম বানত। ইয়াৰ পিছতো মন্ত্ৰী-সাংসদে গুৱাহাটীত দেখা পোৱা নাই বানপানী। সেয়ে ক্ষোভত ফাটি পৰিছে দুৰ্গত ৰাইজ। গুৱাহাটীৰ সাংসদগৰাকীয়ে সেয়ে ৰুক্মীণীগাঁৱত বানপৰিস্থিতি পৰিদৰ্শন কৰিবলৈ গৈ সন্মুখীন হ’বলগীয়া হ’ল অভাৱনীয় পৰিস্থিতিৰ। বিপদৰ সময়ত ৰাইজৰ কাষত নাথাকি নিৰাপদ দূৰত্বত অৱস্থান কৰি যিকোনো মন্তব্য কৰাতকৈ এই দায়িত্বশীল লোকসকলে যদি ৰাইজৰ লগত থাকি সুখ-দুখৰ সমভাগী হৈ কাম কৰে তেনেহ’লে ৰাইজৰ পৰা ককৰ্থনা খাবলগীয়া নহয়। কিন্তু তেওঁলোকে কথাবোৰ তেনেদৰে নাভাবে।
আনহাতে, ৰুক্মীণীগাঁৱত এটি মৃতদেহ কলৰ ভূৰত তুলি নিবলগীয়া হোৱাত ৰাইজ ক্ষোভত ফাটি পৰে। মৃতদেহ নিবলৈ এখন ৰাবাৰ ব’ট প্ৰশাসনৰ পৰা বিচাৰিও তেওঁলোক বিমুখ হ’বলগীয়া হৈছিল। সেয়ে স্বাভাৱিকতে ৰাইজৰ খং উঠিছিল। এইখন তথাকথিত স্মাৰ্ট চিটীতে ঘটিল এনে দুৰ্ভাগ্যজনক আৰু নোহোৱা-নোপজা ঘটনা। আৰু হয়তো এনেবোৰ ঘটনাই উদঙাই দিয়ে উন্নয়নৰ ফোঁপোলা স্বৰূপ। আনহাতে, বিগত বৰ্ষতো যেতিয়া গুৱাহাটীত বান হৈছিল। তেতিয়াও এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে দায় সাৰিবলৈকে ৰঙা পানী, নীলা নামত তুলুঙা মন্তব্য কৰিছিল। মেঘালয়ৰ পৰা নামি অহা পানীয়েহে বানৰ সৃষ্টি কৰে বুলি বাৰে বাৰে কৈহে আছে কিন্তু যদি মেঘালয়ৰ পানীয়েহে গুৱাহাটীত বানৰ সৃষ্টি কৰিছে তেনেহ’লে এই সমস্যাৰ বিজ্ঞানসন্মতভাৱে সমাধানৰ পথ কিয় চিন্তা কৰা হোৱা নাই ? চিন্তা কৰক স্মাৰ্ট চৰকাৰে। আকৌ গুৱাহাটীত যি সমূহ ঠাইত পূৰ্বতে অতিৰিক্ত পানী জমা হৈ আছিল, সেই জলাশয়সমূহো বিভিন্ন অজুহাতত পুতি পেলোৱা হ’ল। যাৰ ফলত এতিয়া পানী জমা হ’বলৈ জলাশয়ৰ অভাৱ হ’ল। ফলত গুৱাহাটীত কৃত্ৰিম বানে ভয়াৱহ ৰূপ ল’লে।
এইখন তথাকথিত স্মাৰ্ট চিটীতে এনে দুৰ্ভাগ্যজনক আৰু নোহোৱা-নোপজা ঘটনা। আৰু হয়তো এনেবোৰ ঘটনাই উদঙাই দিয়ে উন্নয়নৰ ফোঁপোলা স্বৰূপ। কথাবোৰ এনেকুৱা যেন ‘বাহিৰে ৰংচং ভিতৰি কোৱাভাতুৰী। গুৱাহাটীৰ নলা-নৰ্দমাৰ কামবোৰ বাৰিষাহে কৰা দেখা যায়। আকৌ নলা চাফ কৰি নলাৰ জাবৰ-জোঁথৰ, বোকা আদি উঠাই নলাৰ কাষতে ৰাখি থয়। বৰষুণ দিলে সেই বোকা, জাবৰ-জোঁথৰবোৰ আকৌ নলাতে সোমাই পুনৰ নলাবোৰ ভৰি পৰে। গতিকে নলা চাফা কৰাৰ অৰ্থই নাথাকে। আকৌ নলা চাফা কৰাৰ পিছত নলাৰ ঠায়ে ঠায়ে থকা ফুটাবোৰ উন্মুক্ত হৈয়ে থাকি যায়। ফলত এই ফুটাৰে দুৰ্ভাগ্যজনকভাৱে কেতিয়াবা কোনোবা সোমাই গৈ মৃত্যুমুখত পৰিবলগীয়া হয়। যোৱা বছৰ গুৱাহাটীত হোৱা বানপানীৰ সময়তো এটি শিশু নলাত সোমাই মৃত্যু হ’বলগীয়া হৈছিল। এইবাৰো চানমাৰি অঞ্চলত এনে এটি উন্মুক্ত নলাত এগৰাকী ছাত্ৰী সোমাই গৈছিল। সৌভাগ্যৰ কথা যে কথমপি তেওঁ সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে কেইগৰাকীমান সচেতন যুৱকৰ বাবে। যি কি নহওক এনেবোৰ ঘটনা কি এনেদৰে সংঘটিত হৈয়ে থাকিবনে ? নে ইয়াৰ কিবা সমাধান কৰিব। গুৱাহাটীৰ প্ৰায়কেইটা পথেই এতিয়া জৰাজীৰ্ণ।
কোনো পথত গাড়ী-মটৰতো বাদেই, খোজকাঢ়ি যোৱাই সমস্যা। এসোপামান অভাৰব্ৰীজ বনালেই এখন চহৰ স্মাৰ্ট হৈ নাযায়। বৰ্তমান সঘনাই শুনি থকা শব্দটোৱেই হ’ল ‘স্মাৰ্ট গুৱাহাটী’। কিন্তু কিমানদূৰ স্মাৰ্ট এতিয়া গুৱাহাটী। স্মাৰ্ট গুৱাহাটী পিছতো হৈ থাকিব। আগতে গুৱাহাটীৰ মৌলিক সমস্যাসমূহ সমাধান কৰক। গুৱাহাটীৰ ভয়াৱহ বান সমস্যা, খোৱাপানীৰ সমস্যা, পথ-উপপথসমূহৰ দ্ৰুত উন্নয়ন, ফুটপাথবোৰৰ সু-পৰিকল্পিতভাৱে সম্পূৰ্ণকৈ সমাধানৰ ব্যৱস্থা কৰা, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সমস্যাৰ সমাধা কৰা আদি অনেক সমস্যাৰে জৰ্জৰিত গুৱাহাটীৰ সমস্যাবোৰ সমাধান কৰাৰ পিছত স্মাৰ্ট চিটী হওক। বিশেষকৈ গুৱাহাটীত প্ৰতি বছৰে হোৱা বান সমস্যা সমাধানৰ ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে। তেতিয়া এনেই হৈ যাব গুৱাহাটী ‘স্মাৰ্ট’। আৰু চৰকাৰৰো মংগল নিশ্চয় হ’ব।
লেখকঃ ভূপেন মহন্ত