নগাঁও বন্যপ্ৰানী সংমণ্ডলৰ অধীনস্থ বুঢ়াচাপৰী বন্যপ্রাণীৰ চিতলমাৰী বন শিবিৰ এলেকাত ১৭ জুলাইত পূর্বে উচ্ছেদ কৰা স্থানত উচ্ছেদিত লোকসকলে পুনৰ ঘৰ সাজি বেদখল কৰাৰ চেষ্টা চলাই।
উক্ত বেদখলীকৃত লোক সকলে বনোৱা ঘৰসমূহ নগাঁও বন্যপ্রাণী সংমণ্ডল প্ৰাধিকাৰী বিষয়া, বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া তথা বনকর্মীৰ উপস্থিতিত ভাঙিব যোৱাত উচ্ছেদিত লোক সকলে পূর্ব পৰিকল্পিত ভাবে দা – কুঠাৰ, লাঠি জোং আদি অস্ত্র লৈ বন কর্মীসকলক আক্রমণ কৰি গুৰুতৰ ভাবে আহত কৰে লগতে চিতলমাৰী বন শিবিৰটো দা কুঠাৰেৰে ভাঙি লণ্ড-ভণ্ড কৰে আৰু বনকৰ্মী সকলৰ সকলো বয়বস্তু লৈ যায়।

বেদখলীকৃত শ শ লোকৰ আক্রমনত গুৰুতৰ ভাবে আহত হয় বনপালক আব্দুল আহাদ (৫১), গৃহৰক্ষী জোৱানদ্বয় জ্যোতি প্ৰসাদ দাস (৪৬) আৰু অৰুণ শইকীয়া (৪৫)।
আহত তিনিজনৰ ভিতৰত বনপালক সো হাতত গুলী লগা আব্দুল আহাদক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ ট্ৰিনিটাছ নামৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
তেনেদৰে গৃহৰক্ষী জোৱানদ্বয়ৰ ভিতৰত সো ভৰিত গুলী লগা জ্যোতি প্ৰসাদ দাস আৰু দাৰ ঘাপত পিঠিত আঘাট পোৱা অৰুণ শইকীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে।
বুধবাৰে অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগু , সাংগঠনিক সম্পাদক ভগৱান কলিতা , কাৰ্যালয় সম্পাদক নিৰ্মল কলিতাই চিকিৎসাল়য়ত গৈ তিনিওজনৰ স্বাস্থ্যৰ বুজ লয়।

সন্থাই অসম চৰকাৰক কৰ্তব্যৰত অৱস্থাত আহত হৈ চিকিৎসাধীন হৈ তিনিওজনৰে সম্পুৰ্ণ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। তেনেদৰে আক্ৰমণত জৰিত সকলো দুস্কৃতিকাৰীকে গ্ৰেপ্তাৰ কৰিবলৈও সন্থাই চৰকাৰক দাবী জনাইছে।

