Breaking

অসম গেচ কোম্পানীয়ে কাজিৰঙাত স্থাপন কৰিলে গোলাঘাট জিলাৰ প্ৰথমটো চি এন জি ষ্টেচন…

0 24

অসম গেচ কোম্পানীয়ে কাজিৰঙাত স্থাপন কৰিলে গোলাঘাট জিলাৰ প্ৰথমটো চি এন জি ষ্টেচনঃ
চি এন জি ইন্ধনে প্ৰদূষণ মুক্ত কৰিব পৰ্য্যটন ক্ষেত্ৰ কাজিৰঙাক – অধ্যক্ষ বলীন চেতিয়াঃ
অচিৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন হ’ব এশতকৈও অধিক চি এন জি ষ্টেচন – পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীঃ

দুলীয়াজানস্থিত অসম গেচ কোম্পানী (AGCL)ৰ উদ্যোগত আজি গোলাঘাট জিলাৰ পৰ্যটন স্থলী কাজিৰঙাত প্ৰথমটো চি এন জি ষ্টেচন মুকলি কৰা হয় । ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেড (BPCL) ৰ সহযোগত কাজিৰঙাৰ বিশিষ্ট ব্যৱসায়ী অনিমেশ শইকীয়াৰ বি পি চি এল ৰ অধীনস্থ কাজিৰঙাৰ গেলেকী গোসানীবৰৰ “এনাৰ্জী ষ্টেচন” চমুকৈ এন ই এচ কাজিৰঙা ডিপুত এ জি চি এল ৰ এই চি এন জি ষ্টেচনটো আজি পুৱা ১০ বজাত ফিটা কাটি মুকলি কৰে এ জি চি এলৰ অধ্যক্ষ তথা শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চতিয়াই । অধ্যক্ষ গৰাকীয়ে কাজিৰঙাত প্ৰতিষ্ঠা কৰা গোলাঘাট জিলাৰ প্ৰথমটো চি এন জি ষ্টেচন মুকলি কৰি কয় যে এই ষ্টেচনটো এতিয়া কাজিৰঙাৰ বাবে এক আশীৰ্বাদ স্বৰূপ হ’ল । কিয়নো কালি ভাৰতবর্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জিপ ছাফাৰীৰ জৰিয়তে বন্যপ্ৰাণী চাইছিল তেতিয়া তেওঁ বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে কাজিৰঙা অঞ্চলটো সকলো ফালৰ পৰা প্ৰদূষণ মুক্ত হৈ থকাটো কামনা কৰিছিল ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে অসম ভ্ৰমণ কৰি যোৱা এদিনৰ পিছতেই কাজিৰঙাত অসম গেচ কোম্পানীৰ উদ্যোগত প্ৰদূষণ মুক্ত চি এন জি ষ্টেচন মুকলি কৰিব পৰাটো সঁচাই অসম চৰকাৰৰ লগতে অসম গেছ কোম্পানীৰ এক ডাঙৰ সফলতা বুলি অধ্যক্ষ গৰাকীয়ে মত পোষণ কৰে । লগতে তেওঁ কয় কাজিৰঙাত পৰ্যটক সকলে চাফাৰী কৰিবলৈ কমেও পাঁচশ খনতকৈও অধিক জিপছী আছে আৰু এই গাড়ী সমূহ বৰ্তমান ডিজেল বা পেট্ৰল চালিত । যদি অসম চৰকাৰৰ বন বিভাগৰ লগতে কাজিৰঙাৰ সচেতন নাগৰিকে অচিৰেই এই জিপচি সমূহ চি এন জিত চলাচল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া হ’লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ কাৰণে এক প্ৰদূষণ মুক্ত পৰিৱেশ সৃষ্টি হোৱাই নহয় এখন এখন গাড়ীয়ে এক কেজি চি এন জি ইন্ধনত কমেও ৩৫ কিলোমিটাৰ পৰ্যন্ত মাইলেচ লাভ কৰি অৰ্থনৈতিক দিশটো টনকিয়াল হ’ব পাৰিব । আনহাতে এই অনুষ্ঠানত অসম গেচ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী উপস্থিত থাকি কয় যে অসমৰ বিভিন্ন প্ৰান্তত গেচ কোম্পানীয়ে লাহে লাহে এনেদৰে চি এন জি ষ্টেচন বৃদ্ধি কৰিব পৰাটো কোম্পানীৰ এক বৃহৎ ব্যৱসায়ীক সফলতা । অসম চৰকাৰৰ উদ্যোগ বিভাগৰ তৎপৰতাত আগবাঢ়ি যাবলৈ সক্ষম হোৱা অসম গেচ কোম্পানীয়ে অচিৰেই ৰাজ্য খনৰ বিভিন্ন জিলাত এশতকৈও অধিক চি এন জি ষ্টেচন প্ৰতিষ্ঠা কৰা হ’ব বুলি আজি কোম্পানীৰ পৰিচালন সঞ্চালক গৰাকীয়ে সদৰী কৰে ।

ইয়াৰোপৰি তেওঁ কয় অসম গেচ কোম্পানীৰ ভৌগোলিক এলেকাৰ ৬ খন জিলাত আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত ২০ টা চি এন জি ষ্টেচন স্থাপন কৰা হ’ব আৰু পৰৱৰ্তী সময়ত এটা চি এন জি ষ্টেচনৰ পৰা আনটো ষ্টেচনলৈ যাতে দূৰত্ব ৫০ কিলোমিটাৰৰ ভিতৰত হয় তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব । লগতে পৰিচালন সঞ্চালক গৰাকীয়ে জানিবলৈ দি কয় যে চি এন জি ৰিটেল আউট লেট প্ৰতিষ্ঠাৰ বাবে ইতিমধ্যে অসম গেছ কোম্পানীয়ে IOCL, HPCL আৰু BPCL ৰ লগত এক বুজাবুজি চুক্তিও স্বাক্ষৰ কৰিছে । ইয়াৰোপৰি অসম গেচ কোম্পানীয়ে অসমৰ উপৰি চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰত পেট্ৰল, ডিজেলৰ লগতে চি এন জি ইন্ধনৰ কেইবাটাও ডিপো স্থাপন কৰিবলৈ ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পৰা অনুমতি লাভ কৰিছে বুলি পৰিচালন সঞ্চালক গৰাকীয়ে জনায় । এই সভাত উপস্থিত থকা বি পি চি এল ৰ ষ্টেট হেড পংকজ দাসে কয় যে অতি সোনকালেই ইন্ধনৰ বজাৰ খনত চি এন জি য়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ’ব । কিয়নো তুলনা কৰিলে দেখা যায় যে, এক কিলোমিটাৰ অতিক্ৰম কৰিবলৈ হ’লে চি এন জিৰ মূল্য হয় ২.৫০ টকা আৰু ইয়াৰ বিপৰীতে একেই দূৰত্বত পেট্ৰল- ডিজেলৰ মূল্য হয় কমেও ৫.৫০ টকা । আগন্তুক দিনত বি পি চি এলে এ জি চি এলৰ লগত কাম-কাজ আগবঢ়াই নিব বুলি বি পি চি এলৰ বিষয়া গৰাকীয়ে আজিৰ অনুষ্ঠানত সদৰী কৰে । অসম গেচ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে চি এন জি ইন্ধনৰ লাভালাভৰ সন্দৰ্ভত আজিৰ অনুষ্ঠানত তেওঁৰ বক্তব্যত উল্লেখ কৰে ।

আনহাতে চি এন জি ষ্টেচন সংস্থাপিত কৰা এন ই এছ কাজিৰঙাৰ স্বত্বাধিকাৰী অনিমেশ শইকীয়াই কাজিৰঙাত এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম গেচ কোম্পানীক ধন্যবাদ জনায় । অসম গেচ কোম্পানীৰ কনষ্ট্ৰাকচন ৰিটেল বিজনেজৰ জ্যেষ্ঠ প্ৰবন্ধক পৰমেষ দত্তই আদৰণী ভাষণ আগবঢ়োৱা আৰু গেচ কোম্পানীৰ জনসংযোগ বিভাগৰ সহকাৰী প্ৰবন্ধক প্ৰেৰণা বৰদলৈয়ে আঁতধৰা অনুষ্ঠানটোত আজি উপস্থিত আছিল অসম গেচ কোম্পানীৰ বৰ্ড সঞ্চালক ধীৰেন সন্দিকৈ, ৰিটেল বিজনেজৰ ডি জি এম সমৰজিত নেওগ, ৰিটেল বিজনেজৰ চেলছ এণ্ড মাৰ্কেটিংৰ জ্যেষ্ঠ প্ৰবন্ধক আদিত্য কুমাৰ, চি জি ডি বিভাগৰ মুখ্য প্ৰবন্ধক ৰিপুঞ্জয় ফুকন, বি বি অংশুমান ঠাকুৰ, মেটেৰীয়েলছ বিভাগৰ প্ৰবন্ধক উৎপল কুমাৰ বৰগোঁহাই, বি পি চি এলৰ বিষয়া মৌচম খাউণ্ড, কাজিৰঙাৰ ডি এফ অ অৰুণ ভিগনেছ, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃত্রি প্ৰেমী অপূৰ্ব বল্লভ গোস্বামী, জ্যেষ্ঠ সাংবাদিক তথা অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ বাবুলাল মোৰ, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, স্বপন নাথ, কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখ্য সচিব দিব্যজ্যোতি হাজৰিকা, ইমজাৰ সম্পাদক সুদীপ্ত তামুলীৰ উপৰি বহু কেইজন সাংবাদিক আৰু কাজিৰঙা অঞ্চলৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।

Leave A Reply