আৰু ২খন ৰাষ্ট্ৰীয় উদ্যান লাভ কৰিলে ৰাজ্যই। ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছে ৰায়মনা আৰু দিহিং পাটকাই অভয়াৰণ্যক।ইয়াকে ধৰি ৰাজ্যত এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল ৭খন।ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত দেশৰ ভিতৰতে ২য় স্থানত অৱস্থান কৰিছে অসমে।সংবাদমেলত এই কথা প্ৰকাশ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।