Breaking

উজ্বলি উঠিল অসম কন্যা অপূৰ্ণা নাৰ্জাৰী…

0 1,562

ৰাজধানী চহৰ ভূৱনেশ্বৰত পূৰ্ণ গতিত অব্যাহত আছে হিৰো ইণ্ডিয়ান ৱ’মেন লীগ (আই ডব্লিউ এল) ফুটবল টুৰ্ণামেণ্ট । দেশৰ বিভিন্ন পেছাদাৰী মহিলা ফুটবল দলে অংশ লোৱা এই প্ৰতিযোগিতাত ইণ্ডিয়ান এৰ’জ দলৰ হৈ ষ্ট্ৰাইকাৰ হিচাপে খেলিছে অসমৰ কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰীয়ে । ইণ্ডিয়ান এৰ’জ দলটো গঠন কৰে সৰ্বভাৰতীয় ফুটবল ফেডাৰচনে । দেশৰ জুনিয়ৰ পৰ্যায়ৰ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈক লৈ এই দলটো গঠন কৰা হয়।ইতিপূৰ্বে এখন মেচত হেট্ৰিক অর্জন কৰা অপূৰ্ণাই ১৭ মে’, মঙ্গলবাৰে আন এক চমক দিলে । মেচখনত ইণ্ডিয়ান এৰ’জ দলে আহমেদাবাদৰ দল এ আৰ এ এফচি ৰ বিৰুদ্ধে ৩-১ গ’লত জয়লাভ কৰে । প্ৰথমাৰ্দ্ধত ইণ্ডিয়ান এৰ’জৰ খেলুৱৈসকলে মেচখনত আধিপত্য বিস্তাৰ কৰে । বিৰতিৰ ৩ মিনিটৰ আগতে অসম কন্যা অপূৰ্ণা নাৰ্জাৰীয়ে আগবঢ়াই দিয়া বল গ’ললৈ ৰূপান্তৰিত কৰে মুচকান খানে।

অৱশ্যে এই গ’লটোৰ সম্পূৰ্ণ কৃতিত্ব লাভ কৰে অপূৰ্ণাই । প্ৰথমাৰ্দ্ধৰ দৰে দ্বিতীয়াৰ্ধতো ইণ্ডিয়ান এৰ’জৰ দখলতেই থাকে অধিকাংশ বল।মেচৰ ৭৫ মিনিটত এৰ’জ দলে আন এক সফলতা লাভ কৰে । এইবাৰ এই গ’লটো দিয়ে অপূৰ্ণা নাৰ্জাৰীয়ে । ৰাইট ফ্লেংকৰ পৰা পাৰ্মিলাই আগবঢ়োৱা বল আয়ত্ব কৰি অপূৰ্ণাই এক দূৰ্দান্ত শ্বটেৰে প্ৰতিপক্ষৰ নেট কঁপাই তোলে।দুটা গ’লত পিছপৰি থকা এ আৰ এ এফচিয়ে কেইবাটাও আক্ৰমণ চলাইয়ো সফল নহ’ল।কিন্তু ৮৯ মিনিটত এ আৰ এ এফচিৰ ৰক্ষণ বিভাগৰ খেলুৱৈ নিকিতাই মৰা ফ্ৰী কীক ইণ্ডিয়ান এৰ’জৰ দলৰক্ষক আড্ৰিজা ছাৰখেলৰ হাতৰ পৰা পিছলি গৈ নিজ দলৰ গ’লপোষ্টত প্ৰৱেশ কৰে।মেচ শেষ হ’বলৈ কেই ছেকেণ্ডমান বাকী থকা অৱস্থাত এৰ’জ দলৰ মণিপুৰী খেলুৱৈ এম প্ৰিয়ংকা দেৱীয়ে আন এটা গ’ল দি ব্যৱধান বৃদ্ধি কৰে।এই জয়েৰে ইণ্ডিয়ান এৰ’জ দলে ৩ পইণ্ট অর্জন কৰিলে । মুঠ ১২ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত এই পৰ্যন্ত ৯ খন মেচ খেলি ইণ্ডিয়ান এৰ’জ দলে ১৯ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে।দলটোৱে ৬ খন মেচত জয়লাভ কৰি ২ খনত পৰাস্ত হৈছে যদিও এখন মেচ ড্ৰ খেলিছে।ইয়াৰ বিপৰীতে পূৰ্বৰ বিজয়ী গোকুলম কেৰালা আৰু মাডুৰাইৰ চেঠুৱে ৯ খনকৈ মেচ খেলি প্ৰতিখনতে জয়ী হৈ ২৭ পইণ্টেৰে তালিকাৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে।ইণ্ডিয়ান ৱ’মেনছ লীগ ফুটবলত অসমৰ অপূৰ্ণা নাৰ্জাৰীয়ে এই পৰ্যন্ত ৯ টা গ’ল স্ক’ৰ কৰিছে।

Leave A Reply