Breaking

অসম চৰকাৰৰ ডিজেল-পৰিচালিত চিটি বাছসমূহ বৈদ্যুতিক আৰু চিএনজি বাছৰ সৈতে সলনি

0 1,575

অসম চৰকাৰে গুৱাহাটীত ডিজেল চালিত চিটি বাছৰ সলনি বিদ্যুৎ(Electric) আৰু চিএনজি (CNG)ত পৰিচালিত কৰাৰ পৰিকল্পনা কৰিছে।সংবাদ মাধ্যমক অৱগত কৰি শুকুৰবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী ড০ সিংহ বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। অসম কেবিনেটে শুকুৰবাৰে মুঠ ২০০ খন বৈদ্যুতিক বাছ আৰু ১০০ খন চিএনজি বাছ ক্ৰয় কৰাৰ সিদ্ধান্ত লয়, যি অৱশেষত এএছটিচিৰ ডিজেল চালিত চিটি বাছৰ স্থান ল’ব।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসম চৰকাৰে গুৱাহাটীৰ বৰ্তমানৰ চিটি বাছসমূহকেৱল বৈদ্যুতিক আৰু চিএনজি বাছৰ সৈতে সলনি কৰাৰ পৰিকল্পনা কৰিছে। ২০০ খন বৈদ্যুতিক বাছ আৰু ১০০ খন চিএনজি বাছ ক্ৰয় কৰাৰ পৰিকল্পনা আছে।”অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “এএছটিচি চিটি বাছসমূহে ডিজেল চালিত চিটি বাছ চলোৱা বন্ধ কৰিব। আমাৰ লক্ষ্য হৈছে এই চৰকাৰে এবছৰ সম্পূৰ্ণ কৰাৰ দিনলৈ গুৱাহাটীত ডিজেল চালিত বাছৰ সলনি বৈদ্যুতিক আৰু চিএনজি বাছ স্থাপন কৰা।”মুখ্যমন্ত্ৰী শৰ্মাই জনাইছিল যে প্ৰতিস্থাপন প্ৰক্ৰিয়াটো ছয় মাহৰ পৰা এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

Leave A Reply